নিয়মীয়া বাৰ্তা, ৮ জুলাই : অৱশেষত গা লৰিল খাদ্য সুৰক্ষা বিভাগৰ। “ধুবুৰীত গাখীৰৰ মান নিৰূপণ” শীৰ্ষক বাতৰিটো “নিয়মীয়া বাৰ্তা”ত প্ৰকাশ পোৱাৰ পিছত আজি পুৱা ধুবুৰীৰ বৰলুইতৰ কাছাৰী হাটত দেখা যায় গাখীৰৰ মান নিৰূপণ কৰাৰ অত্যাধুনিক পৰীক্ষাগাৰ থকা বাহনসহ খাদ্য সুৰক্ষা বিভাগৰ এটি দলক। উল্লেখ্য যে বিগত ২ জুলাইৰ পুৱা ধুবুৰীৰ বৰলুইতৰ কাছাৰী পাৰঘাটৰ সন্মুখৰ ৰাজপথৰ দাঁতিত এগৰাকী গাখীৰ বিক্ৰেতাই গাখীৰত কেমিকেলজাতীয় কিবা দ্ৰব্য মিহলি কৰি থকা প্ৰত্যক্ষ কৰিছিল ৰাইজে। সেই ঘটনাই ধুবুৰীত গাখীৰৰ নামত কি বিক্ৰী কৰি থকা হৈছে বুলি চহৰখনৰ সৰ্বস্তৰৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। বিষয়টো লৈ আনকি প্ৰশাসন আৰু খাদ্য সুৰক্ষা বিভাগৰ ভূমিকাক লৈও তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছিল জনমানসত। অৱশ্যে ঘটনাটো অৱগত হোৱাৰ পিছদিনাৰ পৰাই অৰ্থ্যাৎ ৩ জুলাইৰ পুৱাৰ পৰা ধুবুৰীৰ কাছাৰী পাৰঘাটত খাদ্য সুৰক্ষা বিভাগৰ এটি দলে আৰম্ভ কৰিছিল অভিযান। পিছে গাখীৰৰ মান নিৰ্ণয় কৰাৰ কোনো ধৰণৰ নূন্যতম সা-সঁজুলি নথকা হেতুকে খাদ্য সুৰক্ষা বিভাগৰ সেই অভিযান বাস্তৱত এক ভেকো-ভাওনা ৰূপেই ৰাইজৰ মাজত প্ৰতীয়মান হৈছিল। সেয়া সবিস্তাৰে কেৱল “নিয়মীয়া বাৰ্তা”ত প্ৰকাশিত হৈছিল। সেই বাতৰিটোৰ পিছত আজি অত্যাধুনিক চলমান পৰীক্ষাগাৰেৰে খাদ্য সুৰক্ষা বিভাগে মান নিৰূপণ আৰম্ভ কৰা দেখা যায়। জানিব পৰা মতে, আজি কৰা গাখীৰৰ নমুনাৰ পৰীক্ষাত কোনোধৰণৰ ৰাসায়নিক সামগ্ৰী মিহলি কৰাৰ তথ্য এতিয়ালৈকে পোৱা নাই দলটোৱে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী