নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থলুৱা বস্ত্ৰশিল্প ৰক্ষাৰ সংগ্ৰামত পুনৰ ঐক্যবদ্ধ শুৱালকুছিৰ শিপিনী

🔴 যন্ত্ৰচালিত অসমীয়া সাজপাৰৰ সপক্ষে ন্যায়ালয়ৰ ৰায়ৰ প্ৰতিবাদ শুৱালকুছিৰ শিপিনীৰ

🔴 কাইলৈ দুঘণ্টীয়া শুৱালকুছি বন্ধ-অৱস্থান ধৰ্মঘট

বিশেষ বাৰ্তা,  ৮ জুলাই : ঐতিহ্যমণ্ডিত থলুৱা বস্ত্ৰশিল্প ৰক্ষাৰ সংগ্ৰামত পুনৰ ঐক্যবদ্ধ হল শুৱালকুছিৰ শিপিনীসকল ৷ শিল্পটো অবিহনে নতুন প্ৰজন্মক লৈ কৰা পৰিকল্পনা আৰু সপোন আজি আধৰুৱা হৈ পৰাৰ সম্ভৱনাই দেখা দিছে ৷ যাৰ ফলত শিপিনীসকল ৰাজপথলৈ ওলাবলৈ বাধ্য হৈ পৰিছে ৷ বন্ধৰ দৰে কাৰ্যসূচী লবলৈ সাজু হৈছে ৷ সকলো দিশৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হৈ শিল্পটোৰ হাড়-ছাল ওলোৱাৰ সময়তে ১৯৮৫ চনৰ বস্ত্ৰ আইনৰ দোহাই দি গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমত যন্ত্ৰচালিত শালত উৎপাদিত চাদৰ-মেখেলা, দখনা আদিত বিক্ৰীৰ নিষেধাজ্ঞা বাতিল কৰা ৰায়দানে শিপিনীসকলক সচকিত কৰি তুলিছে ৷ ইয়াৰ প্ৰতিবাদত শুৱালকুছিৰ তাঁতশিল্প উন্নয়ন সমিতিৰ উদ্যোগত বস্ত্ৰনগৰী শুৱালকুছিত থলুৱা শিপিনীক বঞ্চিত কৰাৰ বিৰুদ্ধে শিপিনী আৰু শুৱালকুছি ৰাইজৰ প্ৰতিবাদী নাগৰিক সভা এখন স্হানীয় দামোদৰদেৱ মন্দিৰ সভাগৃহত অনুষ্ঠিত হয় ৷ উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অসমীয়া শিপিনীৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ বহাগ বিহুৰ পূৰ্বে অসমত যন্ত্ৰচালিত অসমীয়া সাজপাৰ নিষিদ্ধ ঘোষণা কৰিছিল ৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে অনা-অসমীয়া কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানে গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল ৷ উক্ত লেখ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে ১৯৮৫ চনৰ বস্ত্ৰ আইনৰ দোহাই দি ২৬ জুনত পাৱালুম বস্ত্ৰৰ ক্ষেত্ৰত অনা-অসমীয়া বণিক গোষ্ঠীৰ সপক্ষে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰি পাৱাৰলুমৰ মেখেলা-চাদৰ, দখনা আদি বিক্ৰীত থকা ৰাজ্য চৰকাৰৰ নিষেধাজ্ঞা বাতিল কৰে ৷ যাৰ ফলত শংকিত হৈ পৰিছে সমগ্ৰ অসমৰ লগতে বস্ত্ৰনগৰী শুৱালকুছিৰ থলুৱা শিপিনীসকল ৷ উচ্চ ন্যায়ালয়ৰ এই ৰায়দানে ৰাজ্যৰ প্ৰায় ১৬ লাখ শিপিনীৰ মুখলৈ কঢ়িয়াই আনিছে এক হতাশা ৷ শুৱালকুছিৰ বস্ত্ৰশিল্পৰ লগতে অসমৰ থলুৱা শিল্পৰ সুৰক্ষাৰ স্বাৰ্থত শুৱালকুছিত অনুষ্ঠিত হয় এখন প্ৰতিবাদী নাগৰিক সভা ৷ শুৱালকুছি তাঁতশিল্প উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাত উদ্যোক্তাসকলৰ লগতে কেইবাজনো বক্তাই ন্যায়ালয়ৰ ৰায়দানে থলুৱা শিপিনীসকলক বিপদত পেলাব বুলি উল্লেখ কৰি থলুৱা শিপিনীৰ স্বাৰ্থত উক্ত ৰায়দানৰ বিৰুদ্ধে আইনৰ ওচৰলৈ যাব বুলি মতামত ব্যক্ত কৰি পৰামৰ্শ আগবঢ়ায় ৷ এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নাগৰিক সভাই শুৱালকুছি তাঁতশিল্প উন্নয়ন সমিতিক দায়িত্ব প্ৰদান কৰে ৷ লগতে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীও গ্ৰহণ কৰে ৷

কাইলৈ শুৱালকুছি বন্ধ-অৱস্থান ধৰ্মঘট : শুৱালকুছি তাঁতশিল্প উন্নয়ন সমিতিৰ উদ্যোগত  ন্যায়ালয়ৰ থলুৱা শিপিনীবিৰোধী ৰায়দানক প্ৰত্যাহ্বান জনোৱা আৰু হস্ততাঁত সংৰক্ষণ আইন ১৯৮৫ৰ সংশোধনীৰ দাবীত কাইলৈ আবেলি ৪ বজাৰ পৰা ৬ বজালৈ শুৱালকুছি বন্ধৰ লগতে আবেলি ৫ বজাৰ পৰা শুৱালকুছি বস্ত্ৰ উদ্যানৰ সমীপত এঘন্টীয়া অৱস্হান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হব বুলি সংগঠনটিৰ তৰফৰ পৰা জানিবলৈ দিছে ৷

প্ৰেৰক দিলীপ মেধি

You might also like