নিয়মীয়া বাৰ্তা, ৮ জুলাই : ৰাজ্যখনত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে চোৰাং গৰু ব্যৱসায়ীয়ে নিত্য নতুন কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷ চোৰাং গৰু সৰবৰাহকাৰীয়ে নেমুটেঙাভৰ্তি বস্তা গাড়ীৰ ওপৰত দি তলত চোৰাং গৰু ভৰাই সৰবৰাহ কৰিবলৈ চেষ্টা কৰা অৱস্থাত আজি পুৱা চামগুৰি সমষ্টিৰ খাটোৱাল আৰক্ষী থানাৰ আৰক্ষীয়ে চোৰাং গৰুসহ দুখন গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ খাটোৱাল থানাৰ অন্তৰ্গত বৰঙাতলী অঞ্চলত আজি পুৱা প্ৰায় ৪.৩০ বজাত আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলায় ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ দলটোৱে বৰঙাতলী অঞ্চলৰ পথত গাড়ীত নেমুটেঙাভৰ্তি বস্তা দি তলত চোৰাং গৰু কঢ়িয়াই অনা এএছ ০২ চি চি ৯৫২৫ নম্বৰৰ টাটা এচি আৰু এএছ ০২ চিচি ১০৩৫ নম্বৰৰ টাটা মোবাইল গাড়ী দুখন জব্দ কৰাৰ লগতে শিয়ালেখাইটী অঞ্চলৰ আৰ্চাদ আলী (২২), গেৰুৱাগাঁৱৰ মকছিদুল ইছলাম (২৪) আৰু গড়াজান অঞ্চলৰ ছাদ্দাম হুছেইন (২৬) নামৰ তিনিজন চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰে ৷ আৰক্ষীয়ে জব্দ কৰা উক্ত গাড়ী দুখনৰ পৰা ১৯টাকৈ চোৰাং গৰু উদ্ধাৰ কৰে বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷ উল্লেখ্য যে আৰক্ষীৰ চকুত ধূলি দি চোৰাং গৰু ব্যৱসায়ীয়ে উক্ত গাড়ী দুখনৰ ওপৰত কাঠ লগাই নেমুটেঙাভৰ্তি বস্তা দি কৌশলেৰে তলত চোৰাং গৰু ভৰাই সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷ আজি পুৱা আৰক্ষীয়ে জব্দ কৰা চোৰাং গৰুভৰ্তি গাড়ী দুখন পৰৱৰ্তী সময়ত খাটোৱাল আৰক্ষী থানালৈ আনে ৷ উদ্ধাৰ কৰা উক্ত চোৰাং গৰু ১৯টা পৰৱৰ্তী সময়ত নগাঁও গোশালালৈ প্ৰেৰণ কৰে ৷ আনহাতে, আটক কৰা তিনিওজন চোৰাং গৰু সৰবৰাহকাৰীক আজি আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰা হয় বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷
প্ৰেৰক প্ৰমোদ শৰ্মা