নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকআপত বিমান ৰয়ক সাক্ষাৎ কৰি ভগ্নীৰ বিস্ফোৰণ

🔴 বিমান ৰয়ৰ সম্প্ৰতি ঠিকনা নলবাৰী সদৰ থানাৰ লকআপ
বিশেষ বাৰ্তা, ৮ জুলাই : অসম আৰক্ষীত কলংকিত অধ্যায়ৰ সূচনা কৰা নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ সদ্য বৰ্খাস্ত অ’চি বিমান ৰয়ৰ সম্প্ৰতি ঠিকনা নলবাৰী সদৰ থানাৰ লকআপ। দুদিন পূৰ্বলৈকে দপদপাই থকা আৰক্ষী পৰিদৰ্শক বিমান ৰয়ৰ এতিয়া নাই মুখৰ মাত। গোচৰৰ তদন্তকাৰী আৰক্ষী বিষয়াৰ উপৰ্যুপৰি জেৰাৰ সন্মুখীন হব লগা হৈছে। ঘগ্ৰাপাৰ থানাৰ ভিতৰত এগৰাকী কিশোৰীক ভয়-ভাবুকি দেখুৱাই উলংগ হ’বলৈ বাধ্য কৰাই ফটো উঠাই নিৰ্যাতন চলোৱা বিমান ৰয় ৮ দিনে পলাতক হৈ অৱশেষত বৃহস্পতিবাৰে নাটকীয়ভাৱে অচেতন অৱস্থাত পানীখাইতী ৰেল ষ্টেচনত উদ্ধাৰ হৈছিল। পিছত চিকিৎসাধীন অৱস্থাত জি এম চি এইচৰ পৰা নলবাৰী আৰক্ষীয়ে নিজৰ জিম্মালৈ নি নলবাৰী সদৰ থানাৰ লকআপতে ৰাখি জেৰা অব্যাহত ৰাখিছে। কালি আদালতত হাজিৰ কৰাত আদালতে বিমান ৰয়ক চাৰি দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে। আজি নলবাৰী সদৰ থানাত বিমান ৰয়ক সাক্ষাৎ কৰে বিমান ৰয়ৰ ভগ্নীয়ে। ভগ্নীয়ে ককায়েকক সাক্ষাৎ কৰি আহি কয়- তেওঁ অসুস্থ, আমি ভালকৈ কথা পাতিব নোৱাৰিলোঁ৷ আমি বহুত মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈছোঁ৷ কোন দোষী কোন নিৰ্দোষী, সেয়া আইনে বিচাৰ কৰিব ৷ তদন্ত নোহোৱাকৈ তেওঁ বহুত সহ্য কৰিবলগীয়া হ’ল। সন্ধিয়া ৫ বজালৈকে থানাত আছিল। ৫ বজাত দায়িত্বভাৰ অৰ্পণ কৰিছিল দাদাই। এঘণ্টা মানুহ এজন নোহোৱা হ’লে পলাতক হৈ যায় নেকি বুলি প্ৰশ্ন তোলে বিমান ৰয়ৰ ভগ্নীয়ে। আমি ৬ তাৰিখে পুৱা ৭:৩০ বজাতেই দাদাৰ খবৰ পাইছিলো৷ জি আৰ পিৰ  জোৱানে আমালৈ ফোন কৰিছিল৷ ৰে’ল ষ্টেচনত পোৱা বুলি আমাক জনাইছিল। আমি তাৰ পিছত নিজেই আৰক্ষীক জনাইছোঁ৷ ইপিনে, আজি দাদাৰ গোৱালপাৰাৰ ঘৰলৈ গৈছিল নলবাৰী আৰক্ষী ৷ আইনৰ প্ৰতি আমাৰ বিশ্বাস আছে৷ এই ঘটনাত দোষী সাব্যস্ত হ’লে আইন মতে শাস্তি পোৱাটো বিচাৰোঁ ৷ যি হ’ব সেইটো মানি লম ৷ দাদাই মোৰ সৈতে ২৮ জুনত শেষবাৰৰ বাবে কথা পাতিছিল৷ ভিত্তিহীনভাৱে বহু কথা একপক্ষীয়ভাৱে সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছে। সকলোৱে ন্যায় পোৱাটো প্ৰয়োজন ৷ আমি আৰক্ষীৰ পৰিয়ালৰ লোক, আমি আৰক্ষীক সম্পূৰ্ণ সহযোগ কৰিছোঁ ৷ এইদৰে ভগ্নীয়ে  প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ  মাজতে ২৯ জুনৰ  সন্ধিয়া ৫ বজালৈকে ঘগ্ৰাপাৰ থানাত থকা আৰু সন্ধিয়া ৫ বজাত দায়িত্বভাৰ অৰ্পণ কৰা, এঘণ্টাৰ বাবে মানুহ এজন নোহোৱা হ’লে পলাতক হৈ যায় নেকি বুলি প্ৰশ্ন কৰা বিষয়টোৱে আন এক ৰহস্য ফাদিল হৈছে। কিয়নো যদি এয়াই সঁচা হয়, তেন্তে নলবাৰী আৰক্ষীৰ সুৰুঙা থকাৰ থল নথকা নহয়। ২৯ জুনৰ দিনা পুৱাৰ ভাগত আৰক্ষী অধীক্ষক সুধাকৰ সিঙে নিজৰ কাৰ্যালয়ৰ সভাগৃহত এখন সংবাদ মেল আয়োজন কৰি কয়-  সমস্ত ঘটনাৰ নিৰপেক্ষ তদন্ত হব আৰু তেওঁ নিজেও এই ঘটনাৰ পৰ্যবেক্ষণ কৰি আছে বুলি উল্লেখ কৰি পিছদিনা  অৰ্থাৎ ৩০ জুনৰ দিনা  ঘগ্ৰাপাৰ থানাৰ আৰক্ষীক নলবাৰীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই অভিযুক্ত আৰক্ষীক চিনাক্ত কৰাৰ ব্যৱস্থা কৰা হব বুলি কয়। প্ৰকৃত অভিযুক্ত আৰক্ষী চিনাক্ত হ’লে ইয়াৰ পিছত আইন অনুসৰি অভিযুক্তৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হব বুলি ঘোষণা কৰিছিল। এই সংবাদ মেলৰ পিছতেই নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয় অসম আৰক্ষীৰ উপ-আৰক্ষী সঞ্চালকপ্ৰধান (ডি আই জি) ব্ৰজেন্দ্ৰ সিনহা। ডি আই জিগৰাকীয়ে পোনে পোনে ঘগ্ৰাপাৰ থানালৈ গৈ থকাৰ পূৰ্বে অ’চি বিমান ৰয় পলাতক হোৱাৰ খবৰ বিয়পি পৰে। ইয়াৰ পিছতেই অসম  আৰক্ষীত লাগে হাহাকাৰ। লগে লগে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে ঘগ্ৰাপাৰ থানাৰ অ’চি বিমান ৰয়ক চাকৰিৰ পৰা নিলম্বন কৰাৰ পিছ মুহুৰ্ততে চাকৰিৰ পৰা বৰ্খাস্ত কৰি পলাতক আৰক্ষী বিষয়াগৰাকীৰ সন্ধান দিওঁতালৈ পুৰস্কাৰ দিয়াৰ ঘোষণা কৰিছিল। উক্ত দিনাই ডি জি পিগৰাকী ঘগ্ৰাপাৰ থানাতো উপস্থিত হৈছিল। বিমান ৰয়ৰ ভগ্নীয়ে কোৱাৰ নিচিনা যদি  ২৯ জুনৰ সন্ধিয়া ৫ বজাত দায়িত্বভাৰ অৰ্পণ কৰিছিল, তেন্তে বিষয়াগৰাকীৰ কিয় দায়িত্বভাৰ চমজি ল’লে, সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে। ভগ্নীৰ এনে বিস্ফোৰক ভাষ্যত এতিয়া সকলো ওলট-পালট হোৱা যেন অনুমান হৈছে। সকলোৱে আশংকা কৰা ধৰণে অ’চি বিমান ৰয়ৰ পলায়নৰ ঘটনা নাটক আছিল নেকি বুলি এতিয়া প্ৰশ্ন উঠিছে।
প্ৰেৰক অৰূপ বৰ্মন
You might also like