বাৰ্তা বুৰো, ৯ জুলাইঃ জন্মদিনৰ দিনাই মৰিগাঁৱৰ উপায়ুক্ত দেৱাশীষ শৰ্মাক দেখা গল গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰীক পাঠদান কৰা অৱস্থাত। মৰিগাঁৱৰ উপায়ুক্তগৰাকীয়ে আজি পুৱা ৯ বজাৰ পৰা মৰিগাঁও জিলাৰ আঁহতগুৰিৰ লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুলত অনুষ্ঠিত হৈ থকা গ্ৰীষ্মকালীন শিবিৰত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰে। জাগীৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা এই পাঠদান শিবিৰত আজি স্থানীয় ৰাইজৰ লগতে শিক্ষকসকলে উষ্ম আদৰণি জনায়। তাৰ পিছতে উপায়ুক্তগৰাকীয়ে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকল ক ইংৰাজী সাহিত্যৰ ওপৰত পাঠদান কৰে। এই পাঠদান কায্যসূচীত ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু স্থানীয় ৰাইজে উপায়ুক্তগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰেৰক প্ৰাঞ্জল দাস