বিশেষ বাৰ্তা, ৯ জুলাইঃ বহু বছৰৰ অন্তত ডাঙৰ পৰ্দাত পুনৰ কাম কৰিবলৈ ওলাইছে অভিনেত্ৰী আমিশা পেটেলে। ছানী দেউলৰ সৈতে তেওঁৰ বহু প্ৰত্যাশিত ছবি ‘গাড্ডৰ-২’ অহা ১১ আগষ্টত মুক্তি পাব। ছবিখন মুক্তি পোৱাৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে অ’টিটি সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছিল। অ’টিটি প্লেটফৰ্মত ছবি, ধাৰাবাহিক ভাৰতীয় সভ্যতাৰ লগত অসংগতিপূৰ্ণ। তেওঁৰ মতে, স্বচ্ছ মনোৰঞ্জনৰ বাবে ভাৰতীয় দৰ্শক ভোকাতুৰ। যিটো এতিয়া বিৰল। এক সাক্ষাৎকাৰত আমিশাই কয়, ‘দৰ্শকে এখন ভাল আৰু পৰিষ্কাৰ চিনেমাৰ বাবে অপেক্ষা কৰি আছে। ককা-আইতাই নাতি-নাতিনীৰ সৈতে চাব পৰা চিনেমা। কিন্তু অ’টিটিত সেয়া নহয়। তাত কেৱল সমকামিতা আৰু যৌনতা। শিশুৱে চকু মুদি ৰাখিব লাগে। শিশুসকলক টেলিভিছনত লক কৰি ৰাখিব লাগে, যাতে তেওঁলোকে স্মাৰ্ট টিভিতো অ’টিটিৰ ব্যৱহাৰ কৰিব নোৱাৰে। আৰু এইখিনিতে তেওঁৰ আগন্তুক ছবি ‘গাড্ডৰ-২’ বেলেগ। এই ছবিখনে এটা সুন্দৰ কাহিনী ক’বলৈ চেষ্টা কৰিছে। কেৱল সেয়াই নহয়, এই ছবিখনে পৰিয়ালৰ মূল্যবোধৰ কাহিনী ক’ব। ইয়াৰ বাহিৰেও আছে ডাঙৰ ডাঙৰ সংলাপ আৰু কিছুমান মৰ্মস্পৰ্শী দৃশ্য, যিবোৰে দৰ্শকৰ হৃদয় চুই যাব বুলি আমিশাই দাবী কৰিছে। ইতিমধ্যে ছবিখনক ভাৰতীয় সেনাই গ্ৰীন ছিগনেল দিছে। ছবিখনৰ নিৰ্মাতাসকলে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ কৰি তাতো ইতিবাচক সঁহাৰি লাভ কৰে। এই ছবিখনৰ দ্বিতীয় খণ্ডত ছাকিনাৰ চৰিত্ৰটোৰ মৃত্যু হৈছে যদিও ছাকিনাৰ পুত্ৰ পাকিস্তানত আছে। পুত্ৰক ঘূৰাই অনাৰ বাবে পিতৃয়ে কৰা সংগ্ৰামক কেন্দ্ৰ কৰি ছবিখনৰ চিত্ৰনাট্য আবদ্ধ।