নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত ‘মুখ্যমন্ত্ৰী’ উন্মোচন

নিয়মীয়া বাৰ্তা,  ৯ জুলাই : বৰ্তমান সময়ত আমাৰ সমাজত পাঠকৰ সংখ্যা দ্ৰুতগতিত কমি যোৱাৰ পৰিপ্ৰেক্ষিতত লেখকসকলৰ মাজত বহুতো সমস্যাৰ সৃষ্টি হৈছে৷ যাৰ ফলত লেখক সমাজ বাৰুকৈ হতাশ হ’বলগীয়া হৈছে৷ কিয়নো পাঠকসকলৰ যোগাত্মক চিন্তাচৰ্চাই লেখক সমাজক বাৰুকৈয়ে প্ৰভাবান্বিত কৰে ৷ এনে এক প্ৰেক্ষাপটতে লেখকসকলে অধিক দায়বদ্ধতাৰে সমাজক আকৰ্ষিত কৰিব পৰা গ্ৰন্থ প্ৰকাশৰ মাজেৰে নতুন পাঠক সৃষ্টি কৰিব পাৰিব লাগিব৷ এই মন্তব্য বিশিষ্ট শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত অধ্যাপক তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ ড° বসন্ত কুমাৰ শৰ্মাৰ ৷ আজি “সেউজী কবিতা কানন, বজালী”ৰ উদ্যোগত পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণস্থিত পাঠশালা বজাৰ কমিটীৰ কাৰ্যালয়ত বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰমোদ শৰ্মাৰ “মুখ্যমন্ত্ৰী“ নামৰ এখন গ্ৰন্থ উন্মোচন কৰি উক্ত মন্তব্য কৰে ড° বসন্ত কুমাৰ শৰ্মাই ৷ বিশিষ্ট অধিবক্তা তথা পাঠশালা বজাৰ কমিটীৰ সভাপতি গিৰিধৰ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনত উন্মোচক ড° শৰ্মাই আৰু কয় যে সাম্প্ৰতিক সময়ত গ্ৰন্থ, বাতৰি কাকত, বাতৰি চেনেল তথা অসমীয়া ভাষা-সাহিত্যৰ বিভিন্ন লেখাত বানান বিভ্ৰান্তি এক গুৰুতৰ সমস্যা হিচাপে পৰিগণিত হৈছে ৷ এই সন্দৰ্ভত ভাষণৰ মাজতো মনৰ ক্ষোভ ব্যক্ত কৰি ড° শৰ্মাই ইয়াৰ বাবে অসমীয়া ভাষা-সাহিত্যৰ কাণ্ডাৰীসকলে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বানান বিভ্ৰান্তিৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়৷ সভাত বৰপেটা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰামকৃষ্ণ তালুকদাৰে ভাষণ প্ৰদান কৰি বজালী সু-লেখক প্ৰমোদ শৰ্মাৰ “মুখ্যমন্ত্ৰী” নামৰ নাটকধৰ্মী এই গ্ৰন্থখন অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত ৰচনা কৰা এখন বাস্তৱধৰ্মী গ্ৰন্থ বুলি অভিহিত কৰি পাঠক সমাজে এই গ্ৰন্থখন আদৰি লব বুলি আশা প্ৰকাশ কৰে ৷ সভাত লেখক প্ৰমোদ শৰ্মাই গ্ৰন্থখন সন্দৰ্ভত নিজৰ মনৰ ভাব প্ৰকাশ কৰি কয় যে কেৱল হৃদয়ৰ তাগিদাৰ বাবেই তেওঁ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ গ্ৰন্থ লিখি আহিছে ৷ আজি প্ৰকাশিত “মুখ্যমন্ত্ৰী” তেওঁৰ ২১ সংখ্যক গ্ৰন্থ বুলি ব্যক্ত কৰি নৱতম গ্ৰন্থখন পাঠকে আদৰি লব বুলি আশা কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like