নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলিত মাহতে ২২ হাজাৰ চাকৰিৰ বিজ্ঞাপন : মুখ্যমন্ত্রী ড০ শর্মা

🔹 দুটাকৈ গছপুলি ৰোৱা মহিলাক ১০ হাজাৰ টকাকৈ

বিশেষ বাৰ্তা, ৯ জুলাই : ৰাজ্যৰ নিবনুৱা যুৱক–যুৱতীক চাকৰি তথা আত্মসংস্থাপনৰ পথ প্রশস্ত কৰাৰ লগতে মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ৷ বর্তমানৰ ৰাজ্য চৰকাৰখনে এক লাখ নিবনুৱা যুৱক–যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়াটো নৃত্যনাটিকা আখ্যা দি আজি কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ পুঠিমাৰীত আয়োজিত এখন বিশাল সভাত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এক লাখ যুৱক–যুৱতীক নিযুক্তি দিয়াটো নৃত্যনাটিকাহে ৷ নাটক চলি থাকিব ৷ এক লাখ নিযুক্তিতে নিযুক্তি প্রক্রিয়া শেষ হৈ নাযায় ৷ চাকৰি ওলাই থাকিব আৰু চৰকাৰে নিযুক্তি দি থাকিব ৷ এতিয়ালৈ এক লাখ চাকৰিৰ ভিতৰত ৮০ হাজাৰৰ নিযুক্তি হৈ যোৱাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই মাহৰ ভিতৰতে আৰু ২২ হাজাৰ চাকৰিৰ বিজ্ঞাপন প্রকাশ পাব ৷ পূর্বতে অসমত গৰিব–দুখীয়াই টকা নিদিয়াকৈ চাকৰি পোৱা নাছিল৷ কিন্তু এতিয়া গৰিব–দুখীয়া ল’ৰা–ছোৱালীয়ে ক’তো এটকা নিদিয়াকৈ চাকৰি পাবলৈ সক্ষম হৈছে ৷ কেৱল ল’ৰা–ছোৱালীয়ে এতিয়া পঢ়িব লাগে আৰু মাক–দেউতাকৰ নাম ৰাখিব লাগে ৷ আন্দোলন, ড্রাগছ আদিৰ পৰা আঁতৰি থাকিব লাগে, তাচপাত খেলাৰ পৰা আঁতৰি থাকিব লাগে ৷ সেইদৰে বহু যুৱক–যুৱতীৰ চাকৰি কৰাৰ মন নাথাকে ৷ তেওঁলোকে ব্যৱসায়–বাণিজ্য কৰি সংস্থাপিত হ’ব বিচাৰে ৷ তেওঁলোকৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে দুই লাখ যুৱক–যুৱতীক ব্যৱসায়–বাণিজ্যৰ বাবে চৰকাৰে পোনপটীয়াকৈ দুই লাখ টকা ৰাজসাহায্য হিচাপে আদায় দিব ৷ বেংকৰ সৈতে ইয়াৰ কোনো সংযোগ নাথাকে ৷ দুই লাখ টকাৰ ভিতৰত প্রথম অৱস্থাত এক লাখ টকা আদায় দিব ৷ সেই এক লাখ টকা ব্যৱসায়–বাণিজ্যৰ কামত ভালদৰে ব্যৱহাৰ কৰিলে পাছত বাকী এক লাখ টকা আদায় দিব ৷ তেনেদৰে ভালদৰে কাম কৰি গ’লে সেইসকল যুৱক–যুৱতীক চৰকাৰে পৰৱর্তী পর্যায়ত বেংকৰ পৰা ব্যৱসায়-বাণিজ্য সম্প্রসাৰণৰ বাবে ঋণ লোৱাৰো ব্যৱস্থা চৰকাৰে কৰি দিব ৷ ইপিনে, মহিলাসকলকো আত্মনির্ভৰশীল কৰি তোলাৰ লক্ষ্যৰে চৰকাৰে পদক্ষেপ লোৱাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যত চাৰি লাখ মহিলা আত্মসহায়ক গোট আছে ৷ প্রতিটো গোটতে ১০গৰাকীকৈ মহিলা আছে ৷ সেই অনুসৰি ৰাজ্যত ৪০ লাখ মহিলা আত্মসহায়ক গোটৰ সদস্য আছে ৷ পূর্বতে চৰকাৰে মহিলা আত্মসহায়ক গোটক পুঁজি আগবঢ়াইছিল ৷ কিন্তু এইবাৰ গোট হিচাপে নহয়, গোটৰ প্রতিগৰাকী সদস্যক ব্যক্তিগত একাউণ্টত ১০ হাজাৰ টকাকৈ প্রদান কৰিব ৷ ইয়াৰ বাবে চৰকাৰে এখনকৈ প্র–পত্র যোগান ধৰিব ৷ সেই প্র–পত্র পূৰণ কৰি মহিলাসকলে কুকুৰা পালন, গাহৰি পালন, ১০খন তাঁতশাল লোৱা, ব্রইলাৰ ফার্ম স্থাপন আদিকে ধৰি কেনেধৰণৰ ব্যৱসায় কৰিব, সেই বিষয়ে জনাব লাগিব ৷ তাৰ পাছতে চৰকাৰে সেইসকল মহিলাৰ একাউণ্টত ১০ হাজাৰ টকাকৈ প্রদান কৰিব ৷ উক্ত ১০ হাজাৰ টকা ভালদৰে ব্যৱহাৰ কৰিলে পাছত সেইসকল মহিলাৰ একাউণ্টত পুনৰ ২৫ হাজাৰ টকাকৈ প্রদান কৰিব ৷ পৰৱর্তী পর্যায়ত চৰকাৰে সেইসকল মহিলাক বেংকৰ পৰা ঋণ দিয়াৰো ব্যৱস্থা কৰিব ৷ আনকি বেংকৰ ঋণৰ ক্ষেত্রতো সুদৰ ধন চৰকাৰেই আদায় দিব ৷ একেদৰে অহা ২ অক্টোবৰত একেদিনাই ৰাজ্যখনত এক কোটি গছপুলি ৰোপণৰ কার্যসূচী লোৱাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই মহিলাসকলক এই কার্যসূচীত অংশগ্রহণ কৰাৰ আহ্বান জনায় ৷ শাল–চেগুনৰ দৰে মূল্যৱান দুটাকৈ গছপুলি মহিলাসকলে ৰোপণ কৰি ফটো আপলোড কৰি দিলেই মহিলাগৰাকীৰ বেংক একাউণ্টত ১০ হাজাৰ টকা দি দিব ৷ সেই গছপুলিসমূহ ডাঙৰ হোৱাৰ পাছত নিজৰ কন্যাৰ বিয়াৰ সময়ত তাৰ কাঠেৰেই আচবাব সাজি দিব পাৰিব ৷ সভাখনত ভাষণ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে যিসকল লোকে এতিয়াও ৰেচন কার্ড লাভ কৰা নাই, তেওঁলোককো অহা অক্টোবৰ মাহৰ ভিতৰত ৰেচন কার্ড দিয়াৰ ব্যৱস্থা কৰা হ’ব ৷ এই ৰেচন কার্ডৰ জৰিয়তে পূর্বতে লাভ কৰি অহা বিনামূলীয়া চাউলৰ লগতে বর্তমান প্রদান কৰা ৩৫ কিলোগ্রাম চাউলৰ উপৰি প্রধানমন্ত্রী–মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ কার্ডো লাভ কৰিব ৷ ৰেচন কার্ড লাভ কৰাৰ লগে লগে পৰিয়ালসমূহে বছৰি ৫ লাখ টকালৈকে বিনামূলীয়াকৈ চিকিৎসা সেৱা পর্যন্ত লাভ কৰিব৷ একেদৰে অহা ১০ ছেপ্টেম্বৰৰ পৰা ৰাজ্যখনত নতুনকৈ ৭ লাখ পৰিয়াল অৰুণোদয় আঁচনিত অন্তর্ভুক্ত হ’ব ৷ পৰৱর্তী পর্যায়ত আৰু ৮ লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনিত অন্তর্ভুক্ত কৰা হ’ব ৷ অতি কম সময়ৰ ভিতৰতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে মাহে ১৪০০ টকাকৈ লাভ কৰিব ৷

You might also like