নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানত পিতৃৰে বিবাহপাশত আবদ্ধ কন্যা

🔹 ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’
বিশেষ বাৰ্তা, ১১ জুলাই : পিতৃ–কন্যাৰ সম্পর্ক বিশ্বৰ অন্যতম সুন্দৰ সম্পর্ক ৷ কন্যাৰ প্রতি পিতৃস্নেহ কাৰো সৈতে তুলনা নহয় ৷ কিন্তু এই সম্পর্ক হঠাৎ সলনি হৈ গ’ল পাকিস্তানত ৷ পিতৃ–কন্যা হৈ পৰিল স্বামী–স্ত্রী ৷ নিজৰ কন্যাক বিয়া কৰাইছে পিতৃয়ে ৷ পাকিস্তানৰ এই ঘটনাক লৈ সৃষ্টি হৈছে তীব্র অস্থিৰতা ৷ প্রেমত অসম্ভৱ বুলি একো নাই ৷ কিন্তু পিতৃয়ে নিজৰ কন্যাক বিয়া কৰোৱাটো কোনেও সহজভাৱে ল’ব নোৱাৰে ৷ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এই ঘটনাৰ ভিডিঅ’ বিয়পি পৰিছে ৷ লগে লগে বিষয়টোক লৈ সৃষ্টি হৈছে বিভিন্ন মহলত প্রতিক্রিয়া ৷ ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে যে পাক তৰুণীয়ে পিতৃৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ নিজেই সন্মত হোৱা বুলি কৈছে ৷ চতুর্থ পত্নী হিচাপে নিজৰ কন্যাক গ্রহণ কৰিছে পিতৃয়ে ৷ এই সন্দর্ভত কন্যাই কৈছে যে তেওঁৰ নাম ৰাবিয়া ৷ কোনো চতুর্থ দুহিতাৰ নামহে ৰাবিয়া হ’ব লাগে৷ কিন্তু তেওঁ পিতৃৰ দ্বিতীয় সন্তান ৷ সেইবাবে চতুর্থ কেনেদৰে হোৱা যায়, সেই কথা চিন্তা–চর্চা কৰি পিতৃৰ চতুর্থ পত্নী হ’ল বুলি ভিডিঅ’ত উল্লেখ কৰিছে তৰুণীয়ে ৷ এই ঘটনাক লৈ ইতিমধ্যে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পাকিস্তানত ৷

You might also like