নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ শ শামুকভঙা চৰাইৰ কাকলিৰে মুখৰিত ঢকুৱাখনাৰ বামুণ গাঁও

নিয়মীয়া বাৰ্তা, ১১ জুলাই : পৰিভ্রমী শামুকভঙা চৰাইৰ কলৰৱত মুখৰিত ঢকুৱাখনাৰ এখন গাঁও। ঢকুৱাখনা-মাজুলী সংযোগী পথৰ দাঁতিত কেইবাজোপা গছত বছৰ বছৰ ধৰি আশ্ৰয় লৈ আহিছে এজাক পৰিভ্ৰমী শামুকভঙা চৰায়ে। বিগত প্ৰায় ২০ বছৰ ধৰি ৰাজপথৰ দাঁতিতে নিৰ্ভয়ে-নিসংকোচে বাস কৰি অহা শামুকভঙা চৰাইৰ জাকটোৱে সৌন্দয্যবৰ্ধন কৰিছে গাঁওখনৰ। চৰাইজাকৰ মধুৰ কোলাহলত পুৱা সাৰ পাই উঠে গাঁওখনৰ বাসিন্দা। পুৱা-গধূলি চৰাইৰ মাতেৰে মুখৰিত হৈ থাকে গাঁওখনৰ আকাশ-বতাহ। চৰাইজাকৰ মধুৰ কোলাহলত থমকি ৰয় বাটৰুৱাও।পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এতিয়া এইখন গাঁও। স্থানীয় ৰাইজে জনোৱা অনুসৰি, বছৰৰ ছমাহৰ বাবে গাঁওখনত আশ্ৰয় লয়হি পৰিভ্ৰমী শামুকভঙা চৰাইৰ জাকটোৱে। প্ৰতি বছৰে জুন মাহত আগমন ঘটা চৰাইৰ জাকটোৱে বাহ সাজি আশ্ৰয় লয়হি মাজুলী সংযোগী পথৰ দুয়োকাষে থকা গাঁওখনৰ কেইবাজোপা পুৰণি আজাৰ আৰু উৰিয়াম গছত। এই গছকেইজোপাতে আশ্ৰয় লৈ চৰাইৰ জাকটোৱে বংশবৃদ্ধি কৰি নৱেম্বৰ মাহত পুনৰ পোৱালিসহ গুচি যায় অজান মুলুকলৈ। উল্লেখ্য যে পৰিভ্ৰমী শামুকভঙা চৰাইৰ জাকটোৰ সৈতে গাঁওবাসীৰ গঢ়ি উঠিছে এক নিবিড় সম্পৰ্ক। গাঁওবাসীয়ে যত্ন লয় চৰাইখিনিৰ। দুস্কৃতিকাৰীৰ পৰা চৰাইজাকক ৰক্ষণাবেক্ষণ দি আহিছে গাঁওখনৰ ৰাইজে। পথেৰে অহা-যোৱা কিছু লোকে চৰাই চিকাৰ কৰিবলৈ চেষ্টা কৰে যদিও গাঁওবাসীয়ে বাধা দি চৰাইবোৰক সুৰক্ষা দিয়াৰ বাবেই এইদৰে প্ৰতি বছৰে চৰাইকেইটা আহি আছে বুলি উল্লেখ কৰে। ইফালে, চৰাইজাকৰ বিষ্ঠাৰ দুৰ্গন্ধই মাজে সময়ে গাঁওবাসীক আমনি দিয়ে যদিও প্ৰকৃতিৰ অন্যবদ্য উপহাৰ এই চৰাই জাকক সংৰক্ষণ কৰাৰ স্বাৰ্থতেই আজিলৈকে চৰাই জাকটোৰ আৱাসস্থলীৰ কোনো ক্ষতি কৰা নাই গাঁওবাসীয়ে। চৰাইৰ জাকটোৰ সৈতে গাওঁখনৰ ৰাইজৰ গঢ়ি উঠিছে এক আত্মিক সম্পৰ্ক। এইদৰেই প্ৰকৃতিপ্ৰেমৰ নিদৰ্শন দাঙি ধৰি পক্ষীজাকক বছৰ বছৰ ধৰি আশ্ৰয় আৰু সুৰক্ষা প্ৰদান কৰি আহিছে বামুণ গাঁৱৰ ৰাইজে। এটা ব্যস্ত ৰাজপথৰ কাষত ঘন জনবসতিপূৰ্ণ এলেকাত এইদৰে হাজাৰ হাজাৰ চৰায়ে নিৰ্ভয়ে বাস কৰি থকাটো প্ৰকৃতিপ্ৰেমীসকলৰ বাবে আজিৰ দিনত এক সুখবৰ হিচাপে বিবেচিত হৈছে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like