নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অৱসানত মোদীৰ সহায়ৰ প্ৰয়োজন

বিশেষ বাৰ্তা, ১১ জুলাই : ভাৰতে যদিহে ইউক্ৰেইনত শান্তি ঘূৰাই অনাৰ উদ্যোগ লয়, তেন্তে আমেৰিকাই সেই পদক্ষেপক আদৰণি জনাব। সোমবাৰে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মেথিউ মিলাৰে এইদৰে উল্লেখ কৰি কয় যে ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰি কৌশলগত ভুল কৰিলে। কিন্তু যদি আন্তঃৰাষ্ট্ৰীয় সমাজে ইউক্ৰেইনত শান্তি ঘূৰাই অনাত সহায় কৰিব বিচাৰে, তেন্তে আমেৰিকাই সকলোৰে অৱদান গ্ৰহণ কৰিব। প্ৰসংগক্ৰমে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পৰাই ভাৰতে শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ প্ৰস্তাৱ আগবঢ়াইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাবাৰো ৰাছিয়া আৰু ইউক্ৰেইনৰ নেতাৰ সৈতে ফোনযোগে এই প্ৰসংগত কথা পাতিছে। ছাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনৰ সময়ত মোদীয়ে ভ্লাদিমিৰ পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈছিল। তাতো মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতিলৈ স্পষ্ট বাৰ্তা দি কয় যে এয়া যুদ্ধৰ আদৰ্শ সময় নহয়। তেতিয়াও ভাৰতে বহু ক্ষেত্ৰত নিৰপেক্ষ স্থিতি গ্ৰহণ কৰি যুদ্ধৰ অন্ত পেলাবলৈ আহ্বান জনাইছে। এনে পৰিস্থিতিত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰক প্ৰশ্ন কৰা হৈছিল- ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ কৰাত নৰেন্দ্ৰ মোদী বা ভাৰতৰ কিবা ভূমিকা থাকিব পাৰেনে? উত্তৰত মিলাৰে কয়- “আমেৰিকাই ভাৰত বা আন যিকোনো দেশৰ পৰা সহায় আদৰি ল’ব। ইউক্ৰেইনৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক সন্মান জনাই শান্তি পুনৰুদ্ধাৰ কৰিব লাগিব। এই কামত সকলোৰে অৱদান গ্ৰহণযোগ্য।” হোৱাইট হাউছৰ এগৰাকী মুখপাত্ৰই কয়- ‘মই ভাবো পুটিনক যুদ্ধৰ পৰা আঁতৰাই অনাৰ ক্ষেত্ৰত কথা পাতিবলৈ এতিয়াও সময় আছে। তেওঁক পতিয়ন নিয়াব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে।’

You might also like