নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্ধ্ৰপ্ৰদেশত বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাত ৭জনৰ প্ৰাণহানি

বিশেষ বাৰ্তা, ১১ জুলাই : বিবাহ অনুষ্ঠানৰ পৰা উভতি অহাৰ পথত নিয়ন্ত্ৰণ হেৰুৱাই বাছ এখন খালত বাগৰি পৰে। ঘটনাত শিশুসহ ৭ জন লোকৰ মৃত্যু হয়। আহত হয় কমেও ২৯জন লোক। সোমবাৰে মাজনিশা অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম জিলাৰ দৰচীত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি, সোমবাৰে নিশা প্ৰায় ১২:৩০ বজাত বিবাহযাত্ৰী কঢ়িয়াই পোডিলিৰ পৰা কাকিনাৰালৈ উভতি আহিছিল বাছখন। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, দৰচীৰ সমীপত বিপৰীত দিশৰ পৰা অহা এখন বাহনৰে সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ চালকে বাছখন বাঁওফালে চপাই দিয়ে। সেই সময়তে ৰাস্তাৰ কাষৰ গাৰ্ড ৱালত খুন্দা মাৰে। ফলত তীব্ৰগতিৰ বাছখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলায় চালকে। ঘটনাস্থলীত ৰাস্তাৰ কাষতে নাগাৰ্জুন সাগৰ খাল আছিল। বাছখন খালটোত বাগৰি পৰে। বাছখনত ৪৭জন যাত্ৰী আছিল। এই তথ্য লাভ কৰি উদ্ধাৰকাৰী দল আৰু আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত। কেইবাঘণ্টাৰ পিছত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যাত্ৰীসকলক। দৰচীৰ উপ-পৰিদৰ্শক ৰামকৃষ্ণই কয়- ‘ঘটনাত ৭জন লোকৰ মৃত্যু হৈছে। আহত হৈছে কেইবাজনো লোক। ইয়াৰে ১৫জন গুৰুতৰভাৱে আহত হয়। আহতসকলক দাৰ্চি আৰু অংগোলে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।” এই ঘটনা কেনেকৈ সংঘটিত হ’ল, তাৰ তদন্ত কৰি থকা বুলিও তেওঁ জনায়।

You might also like