নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাজিয়াবাদত ভুল দিশত স্কুল বাছ, মুখামুখি সংঘৰ্ষত প্ৰাণহানি ৬জনৰ

বিশেষ বাৰ্তা, ১১ জুলাই : উত্তৰ প্ৰদেশৰ গাজিয়াবাদ চহৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। স্কুল বাছ-এছ ইউ ভিৰ সংঘৰ্ষত দুটি শিশুসহ ৬জন লোকৰ মৃত্যু হয়। মঙলবাৰে পুৱাৰ ভাগত দিল্লী-মীৰাট এক্সপ্ৰেছৱে’ত সংঘটিত হয় এই দুৰ্ঘটনা। স্কুল বাছখন এক্সপ্ৰেছৱেৰ ভুল দিশত গৈ থকা বুলি অভিযোগ উত্থাপন হৈছে। ফলত বিপৰীত দিশৰ পৰা তীব্ৰ বেগত অহা এছ ইউ ভি গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয়। ঘটনাত ৬জনৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত হয় ২জন। আহতদ্বয়ক কাষৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি, গুৰুগ্ৰাম অভিমুখে গৈ আছিল এছ ইউ ভিখন। অভিযোগ অনুসৰি, প্ৰায় ৯ কিলোমিটাৰ পথত ভুল দিশত বাছখন গৈ আছিল। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বাছচালকজনক। তেওঁক জেৰা চলাই থকা হৈছে। আৰক্ষী বিষয়াৰ মতে, দুৰ্ঘটনাৰ বাবে বাছচালকজন দায়ী। এই দুৰ্ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। আহতসকলৰ উপযুক্ত চিকিৎসা সুনিশ্চিত কৰিবলৈ চৰকাৰী বিষয়াসকলক নিৰ্দেশ দিয়ে। গাজিয়াবাদৰ ডিচিপি দেহাত শুভম পেটেলে কয়- বাছচালকজনক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁক জেৰা চলাই থকা হৈছে। তেওঁৰ বিৰুদ্ধে একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে। লগতে তেওঁ কয় যে দুৰ্ঘটনা ইমানেই ভয়াৱহ আছিল যে গাড়ীৰ দুৱাৰ কাটি আহতসকলক উদ্ধাৰ কৰিবলগীয়া হয়।

You might also like