নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলীৰ পাহাৰ খননে জীয়াতু ভোগাইছে বান্দৰদেৱাবাসীক

নিয়মীয়া বাৰ্তা, ১০ জুলাই : সীমান্তবাসীক হাৰাশাস্তি কৰি বান্দৰদেৱাত অৰুণাচল চৰকাৰৰ বন বিভাগৰ নেতৃত্বত পাহাৰৰ অবৈধ খনন কাৰ্য অব্যাহত ৰখাৰ বিৰুদ্ধে বান্দৰদেৱা প্ৰেছ ক্লাবৰ লগতে সীমান্তৱৰ্তী ৰাইজে ধিক্কাৰ দিছে। এই ভৰ বাৰিষাৰ সময়ত অবৈধ পাহাৰ খনন কাৰ্য অব্যাহত ৰখাৰ ফলত বান্দৰদেৱাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে বান্দৰদেৱাৰ ব্যবসায়িক এলেকা হোৱাৰ হেতুকে এজাক বৰষুন দিলেই ব্যৱসায়ী সকলৰ হাহাকাৰ অৱস্থা হয়। এই পাহাৰ খননৰ ফলত হোৱা ভূমিস্খলন আৰু পাহাৰত অধিক বৰষুন দিয়াৰ ফলত পাহাৰৰ বোকাপানী আহি বান্দৰদেৱাৰ ব্যবসায়িক স্থলসমুহত সোমোৱাৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈ আহিছে ব্যৱসায়ীসকল৷ বান্দৰদেৱাৰ ব্যৱসায়ী তথা সচেতন মহলে বাৰিষাৰ সময়ত পাহাৰৰ খনন কাৰ্য বন্ধ ৰখাৰ দাবী জনায় অহাৰ পিছতো আজিকোপতি পাহাৰ খনন বন্ধ নোহোৱাৰ পৰিপ্ৰেক্ষিতত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত একাঠু বোকাৰে পুতি পেলোৱাৰ বাবে যাতায়তত জটিলতাৰ সৃষ্টি হৈছে ৷ ইয়াৰ উপৰি প্ৰায় সকলো ব্যবসায়িক প্ৰতিষ্ঠানতে বোকাপানী সোমাই পৰাৰ ফলত বিস্তৰ ক্ষতিন হৈছে ৷ উল্লেখ্য যে যোৱা এটা সপ্তাহত চাৰিবাৰকৈ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰে যাতায়ত ব্যাহত হোৱাৰ পিছতো লখিমপুৰ জিলা উপায়ুক্তগৰাকীয়ে অথবা অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলা প্ৰশাসনে কোনোধৰনৰ ব্যৱস্থা গ্ৰহন নকৰাত ভুক্তভোগী ৰাইজ চিন্তিত হৈ পৰিছে৷ ইফালে বান্দৰদেৱাত দুৰণিবটীয়া ৰাইজৰ লগতে স্থানীয় ৰাইজে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰি দৈনিক বোকা-পানী গছকি আহ-যাহ কৰিব লগীয়া হৈছে৷ স্থানীয় স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে অধিক সমস্যাত পৰা দেখা গৈছে ৷ স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি অসম তথা অৰুণাচল প্ৰদেশ চৰকাৰে ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব নিদিয়াত অসমৰ আৰ্থ-সামাজিক দিশত আঘাত হানিছে ৷ অচিৰে বান্দৰদেৱাত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৰুণাচল প্ৰদেশে পাহাৰ খনন বন্ধ নকৰিলে স্থানীয় ৰাইজ তথা দল সংগঠনে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ দিছে ৷
প্ৰেৰক মুকুল ভূঞা
You might also like