নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্ষুণ্ণ ৰাখক বৰক্ষেত্ৰী সমষ্টি : মুকালমুৱাত প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১১ জুলাই : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মুকালমুৱাতো সমষ্টিৰ চাৰিসীমা পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰোধিতাৰে আজি বৰক্ষেত্ৰী মৌজা সন্মিলনীৰ উদ্যোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়। মুকালমুৱা গ্ৰাম্য চহৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহৰ পৰা বৰক্ষেত্ৰী মৌজা সন্মিলনীৰ নেতৃত্বত এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে বৰক্ষেত্ৰীৰ পূৰ্বৰ চাৰিখন মৌজা প্ৰস্তাৱিত বৰক্ষেত্ৰী সমষ্টিত বাহাল ৰাখিবলৈ ভাৰতৰ নিৰ্বাচন আয়োগ আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। উল্লেখ্য যে বৰক্ষেত্ৰী সমষ্টিৰ কেইবাখনো গাঁও আৰু গাঁও পঞ্চায়ত সম্পূৰ্ণ অথবা আংশিকভাৱে কৰ্তন কৰি ভৌগোলিক চাৰিসীমা চেদেলি-ভেদেলি কৰি প্ৰস্তাৱিত টিহু আৰু নলবাৰী সমষ্টিত অন্তৰ্ভুক্ত কৰিছে। বৰক্ষেত্ৰী সমষ্টিৰ প্ৰস্তাৱিত সমষ্টিৰ খচৰা মতে ভৌগোলিকভাৱে বৰক্ষেত্ৰী সমষ্টি চেদেলি ভেদেলি কৰা কাৰ্যক অঞ্চলটোৰ ৰাইজে মানি নলয় আৰু ইয়াৰ বিৰুদ্ধে আজি মুকালমুৱাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বৰক্ষেত্ৰী মৌজা সন্মিলনীৰ উদ্যোগত উলিওৱা প্ৰতিবাদী কাৰ্যসূচীত অঞ্চলটোৰ শ শ লোকে হাতে হাতে প্লেকাৰ্ড আৰু ফেষ্টুন লৈ আমাৰ দাবী ন্যায্য দাবী, সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা নামানো, বৰক্ষেত্ৰী সমষ্টি পূৰ্বৰ দৰে বাহাল ৰাখক আদি শ্লোগানেৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ জনায়। একেদৰে বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিৰ আন একাংশ দলীয় নেতা কৰ্মীয়েও পৃথকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে স্মাৰক পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী আৰু নিৰ্বাচন আয়োগলৈ পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায়। পৃথকে পৃথকে স্মাৰক প্ৰদান কৰি বৰক্ষেত্ৰী মৌজা সন্মিলনী আৰু বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ একেটা দাবী খচৰাত প্ৰকাশিত সমষ্টিৰ সীমা মানি নলয় আৰু পুনৰ বিবেচনা কৰিবলৈ দাবী উত্থাপন কৰে। আজিৰ প্ৰতিবাদী সমদলটোৰ বৰক্ষেত্ৰী মৌজা সন্মিলনীৰ হৈ নেতৃত্ব বহন কৰে শ্বেখ মোবাৰক হুছেইন, খাইৰুল হক চৌধুৰী (ৰিন্টু), জগদা চৰণ তালুকদাৰ আৰু বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ নেতৃত্ব বহন কৰে চাধুল্লা আলীয়ে।

প্ৰেৰক প্ৰদীপ কুমাৰ কলিতা

You might also like