নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰাবাটত চোৰাং গৰুসহ আটক তিনি সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ১১ জুলাই : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা ৷ আৰক্ষীৰ চকুত ধূলি দি দিন দুপৰতে উজনি অসমৰ পৰা চুবুৰীয়া ৰাজ্য মেঘালয়লৈ দৈনিক সৰবৰাহ হৈ আছে গৰুৰ এই অবৈধ বেহা ৷ তেনে সময়তে আজি মহানগৰীৰ যোৰাবাটত তিনিখনকৈ গাড়ীত অবৈধভাৱে কঢ়িয়াই অনা মুঠ ৭৮গৰুসহ তিনিজন লোকক যোৰাবাট আৰক্ষীয়ে আটক কৰে৷ জানিব পৰা মতে AS 01 QC 5717 নম্বৰৰ ডিআই কণ্টেইনাৰ বাহনখনে নুমলীগড়ৰ পৰা মেঘালয়ৰ বৰ্ণিহাটলৈ কঢ়িয়াই আনিছিল মুঠ ১২টা গো-ধন। ইয়াৰে ১১টা ইতিমধ্যে মৃত অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। আনহাতে NL02 K 3695 নম্বৰৰ আন এখন বাৰচকীয়া ট্ৰাকেৰে উজনিৰ বোকাখাতৰ পৰা বৰ্ণিহাটলৈ কঢ়িয়াই আনিছিল ৪২টা গো-ধন। ইয়াৰে এটা মৃত অৱস্থাত উদ্ধাৰ হোৱাৰ বিপৰীতে AS 23 CC 0303 নম্বৰৰ আন এখন বাৰচকীয়া ট্ৰাকেৰে নগাঁৱৰ ৰূপহীৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰিছিল ২৪টা গো-ধন। যোৰাবাট আৰক্ষীৰ গোপন খবৰৰ ভিক্তিতে ৩৭নং ৰাষ্ট্ৰীয় পথতে তিনিওখন গৰুভৰ্তি বাহন জব্দ কৰে ৷ আটক তিনি সৰবৰাহকাৰী ক্ৰমে আবিবুৰ ইছলাম, ফাৰুক আব্দুল্লা আৰু আচিকুল ইছলাম।
প্ৰেৰক ৰমেশ দাস
You might also like