নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাওবৈচাত শিঙৰা নৈৰ ওভতনি বানৰ জটিল ৰূপ

বিশেষ বাৰ্তা, ১১ জুলাই : লখিমপুৰ জিলাৰ গাতে লাগি থকা পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে শিঙৰাৰ উৎপত্তিস্থলত যোৱা চাৰি পাঁচ দিনে দি থকা ধাৰাসাৰ বৰষুণত ফলত  নদীখনৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে উফন্দি অহাত নাওবৈচাত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে।নদীখনৰ সংহাৰী বানে মহাপ্ৰলয়ৰ সূচনা কৰি যোৱা তিনি দিনে নাওবৈচা ৰাজহ চক্ৰৰ অধীনস্থ দক্ষিণ নাওবৈচাৰ ২০খনতকৈ  অধিক গাঁৱৰ  সহস্ৰাধিক বাসিন্দাৰ মাজত হাহাকাৰ অৱস্থা সৃষ্টি কৰিছে। উল্লেখযোগ্য যে  শিঙৰা নদীৰ সোঁপাৰৰ শিঙৰা গাঁৱৰ সমীপত থকা উন্মুক্ত মথাউৰি অংশৰে অহৰহ পানী সোমাই থকাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ গোসাঁনীবাৰী, ১ নং গেলাহাটী, ২নং গেলাহাটী, ৰৌদোং, বৰপথাৰ, চেঙেলীজান, আহুমণি, শিঙৰা গাঁও, গড়ছিগা, পানধোৱা, মহঘুলি, টকৌগুৰি, বঙালচুক, বৰচলা আদিকে ধৰি ২০খনতকৈ অধিক গাঁও জলমগ্ন কৰি জনসাধাৰণৰ মাজত স্বাভাৱিক জীৱন যাত্ৰা  ব্যাহত কৰি তোলে।  বিশেষকৈ অঞ্চলটোৰ ৰাইজে শিঙৰা নদীখনৰ উন্মুক্ত মথাউৰি নিৰ্মাণৰ কাৰণে যোৱা পাঁচ-ছয় বছৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাকে ধৰি বহু আন্দোলনৰ কৰিছিল যদিও চৰকাৰ তথা জিলা প্ৰশাসনে উন্মুক্ত মথাউৰি অংশ  নিৰ্মাণৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত সমগ্ৰ ৰাইজ আজি সংহাৰী বানত ককবকাব লগা হৈছে। নদীখনৰ ওভতনি পানী আৰু অঞ্চলটোৰ মাজৰে পাৰ হৈ যোৱা চাৰি-পাঁচটা জানজুৰি পানী একেলগ হৈ যোৱা তিনিটা দিনে অঞ্চলটোৰ ৰাইজৰ মাজত আতংক সৃষ্টি কৰাৰ লগতে  দৰিদ্ৰ কৃষকে অতি  কষ্টৰে কৰা  শ-শ বিঘা শালি  খেতি পানীত ডুব যোৱাত কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আনহাতে আজি পুৱাৰে পৰা  অঞ্চলটোত বান পৰিস্থিতি অধিক জটিল হৈ পৰে। নদীৰখনৰ সংহাৰী বানে পহুমৰা পকণীয়া সংযোগী গড়কাপ্তানি পথৰ গোসাঁনীবাৰী আৰু গেলাহাটী অংশত একাঠু পৰ্যন্ত ডুবাই ৰখাত পথটোৰে বৰ্তমান যাতায়ত বন্ধ হৈ পৰিছে। গাঁওদুখনৰ ৰাইজে  এতিয়া নাওঁ অথবা কলৰ ভুৰে  যাতায়ত  অব্যাহত ৰাখিব লগীয়া হৈছে। ইফালে অঞ্চলটোত বান হোৱা ৭২ ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো নাওবৈচা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ড০ ৰাহুল পেগুৱে অঞ্চলটো উপস্থিত হৈ বান পৰিস্থিতি পৰিদৰ্শন নকৰাত বন্যাৰ্ত ৰাইজৰ মাজত দুগুণে ক্ষোভ বৃদ্ধি হৈছে। ইফালে বন্যাৰ্ত ৰাইজে বান  সাহাৰ্য দিয়াৰ পৰিবৰ্তে অঞ্চলটোৰ ২০-২৫ বছৰীয়া বান সমস্যাটো সমাধান কৰিবলৈহে দাবী জনায়। ইফালে অঞ্চলটোৰ ২০খনতকৈ অধিক গাঁৱৰ জনসাধাৰনৰ জীৱন ধাৰণৰ কাৰণে অন্ন বস্ত্ৰ বাসস্থান পানীৰ তলত ডুব যোৱাৰ ফলত জীৱন যাত্ৰা ব্যাহত হৈ এক অভাৱনীয় পৰিস্থিতিৰ সম্মুখীন হৈ আছে যদিও এতিয়ালৈকে নাওবৈচাৰ বিধায়ক ভৰত নৰহে বান পৰিস্থিতিৰ খৱৰ লবলৈ আহৰিয়েই পোৱা নাই । অকল জনসাধাৰনেই নহয় ওখ ঠাইত আবদ্ধ হৈ থকা গৰু ছাগলী, গাহৰি আদি জীৱকুলেও খাদ্যৰ বাবে হাহাকাৰ কৰি থাকিবলগীয়া হৈছে। উল্লেখযোগ্য যে যদিহে আজিও এনেদৰে নেৰানেপেৰাকৈ শিঙৰা নদীৰ উৎপত্তিস্থলত বৰষুণ দি থাকে অঞ্চলটোত বান পৰিস্থিতি অধিক ভয়াবহ হব বুলি ৰাইজে অৱগত কৰে। আনহাতে অঞ্চলটোৰ ৰাইজে বানত সৰ্বস্বান্ত হৈ জীৱন মৰণৰ লগত যুজঁ দিবলগীয়া পৰিস্থিতিটোত জিলা প্ৰশাসনে কি দৰে তৎপৰতাৰে বান সাহাৰ্য প্ৰদান কৰি বানপিড়ীতক উদ্ধাৰ কৰিব লাগিছিল তেনে কোনো তৎপৰতা অৱলম্বন নকৰাৰ অভিযোগ তুলিছে বনপীড়িত ৰাইজে।

 

প্ৰেৰক নিতুল বৰা

You might also like