নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ আজি বিশ্ব জনসংখ্যা দিৱসৰ উপলক্ষ্যে ভাৰতৰ জনসংখ্যা সমাধান ফাউণ্ডেচনৰ বজালী জিলা শাখাই জনবিষ্ফোৰণ আৰু জনসাংখ্যিকীয় অসন্তুোলনৰ পৰা সৃষ্ট সংসাধন, সামাজিক, আৰ্থিক আৰু পাৰিপাৰ্শ্বিক সংকটৰ বাবে দেশত সম্ভাব্য গৃহযুদ্ধ সদৃশ পৰিবেশক নিৰাময় কৰিবলৈ সংসদত “জনসংখ্যা সমাধান অধিনিয়ম” ৰূপায়ণৰ আহ্বান জনাই দেশৰ প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷ জনসংখ্যা সমাধান ফাউণ্ডেচনৰ বজালী জিলাৰ অধ্যক্ষ আনন্দ খাটনিয়াৰৰ নেতৃত্বত কাৰ্যকৰ্তাসকলে সমদল কৰি গৈ বজালী জিলাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰকপত্ৰখনত কয় যে ভাৰতৰ সংস্কৃতি আৰু সততাক অক্ষত ৰাখিব বিচৰা সমগ্ৰ দেশৰ লোকসকলে জনসংখ্যাৰ শ্ৰেণীৰ ভাৰসাম্যহীনতাক লৈ অত্যন্ত চিন্তিত। পূৰ্বতে ধৰ্মীয় ৰেখাৰে বিভক্ত দেশখনত মুঠ প্ৰজনন হাৰ তথাকথিত হ্ৰাস পোৱাৰ পিছতো জনসাধাৰণৰ বিভিন্ন শ্ৰেণীৰ মাজত সামাজিক ভাৰসাম্যৰ অৱনতি অব্যাহত থকাটো এক আতংকজনক পৰিস্থিতি বুলি বহুলভাৱে বিশ্বাস কৰা হয়। এই ভাৰসাম্যহীনতাই ভৱিষ্যতে দেশৰ বাবে অত্যন্ত বিপৰ্যয়জনক বুলি প্ৰমাণিত হ’ব পাৰে। আনন্দ খাটনিয়াৰ স্বাক্ষৰিত পত্ৰখনত মুঠ দহটা দাবী সম্বলিত দফা উল্লেখ কৰি কয় যে ভাৰত চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে সহমত প্রকাশ নকৰিলে ২৩ ছেপ্টেম্বৰৰ পৰা অনিশ্চিত কাললৈ ধৰ্ণা কাৰ্য্যসূচী পালন কৰিবলৈ সংগঠনৰ ফালৰ পৰা সিদ্ধান্ত লোৱা হৈছে৷ স্মাৰকপত্ৰখনত কয় যে JSFয়ে জনসংখ্যা নিয়ন্ত্রণ আইনৰ পোষকতা কৰি যোৱা ৯ বছৰৰো অধিক সংগঠনটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি ২৩ খন ৰাজ্যৰ ৪০০ৰ অধিক জিলাত অভিযান চলাই থকা হৈছে। সেই অভিযান সমূহ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ৰাষ্ট্ৰীয় কাৰ্য্যকাৰিনী সদস্য তথা JSPৰ মুখ্য সংৰক্ষক ইন্দ্ৰেশ কুমাৰ্জী তথা কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিংসহ ১২৫জন সাংসদে সমর্থন জনাইছে। এই বিষয়ে ২০১৮ চনৰ ৯ আগষ্টত সংগঠন তথা সংসদৰ সংযুক্ত প্রতিনিধি বৰ্গই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি ১২৫ সাংসদৰ স্বাক্ষৰ সম্বলিত আবেদন পত্ৰ অৰ্পণ কৰা হৈছিল৷ আজিৰ এই স্মাৰক পত্ৰ অৰ্পণ কাৰ্যসূচীত JSF, বজালী জিলাৰ অধ্যক্ষ সহিতে শতাধিক কার্য্যকর্তা উপস্থিত থাকে৷
প্ৰেৰক কল্যাণ কলিতা