বিশেষ বাৰ্তা, ১২ জুলাইঃ কাহিলিপাৰাৰ ‘আকাৰ’ ৰিহেব চেণ্টাৰত যুৱকৰ ৰহস্যজনক মৃত্যু। ৩ দিন পূৰ্বে নিচামুক্তি কেন্দ্ৰটোলৈ আহিছিল মৃত নৱজিৎ কলিতা। যুৱকজনক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ। মহানগৰীৰ শিলপুখুৰীত ঘৰ নৱজিৎ কলিতাৰ। নিচামুক্তি কেন্দ্ৰটোত যুৱকজনৰ মৃত্যুক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। দক্ষিণগাঁৱৰ আকাৰ ৰিহেবিলিটেচন চেণ্টাৰৰ বিৰুদ্ধে এগৰাকী লোকৰ হত্যাৰ অভিযোগ উঠিছে। নৱজিত কলিতা নামৰ লোকজনক হত্যা কৰা অভিযোগ উঠিছে। পাণবজাৰ জলসিঞ্চন বিভাগত কাম কৰিছিল নৱজিতে। নৱজিত কলিতাই সুৰাপান কৰিছিল বাবে আকাৰ ৰিহেবিলিটেচন চেণ্টাৰত ৰাখিছিল। আকাৰত ৰিহেবিলিটেচন কেন্দ্ৰত সোমবাৰে ভৰ্তি কৰাইছিল নৱজিতক। হত্যাৰ অভিযোগ উঠিছে আকাৰ ৰিহেবিলিটেচন চেণ্টাৰৰ বিৰুদ্ধে। নিশা হত্যা কৰি হায়াত হাস্পতালত ভৰ্তি কৰোৱাৰ অভিযোগ। হায়াত মেডিকেলত আকাৰৰ বিষয়ববীয়াই পৰিয়ালক জনাই ইয়াৰ পৰা পলাই যোৱাৰ অভিযোগ উঠিছে।
You might also like