নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খচৰাৰ বিৰোধিতা : সংখ্যালঘু ছাত্ৰ সংগঠনক তীব্ৰ সকীয়নি এপিডব্লিউৰ

বিশেষ বাৰ্তা, ১২ জুলাইঃ আজি এখন মেলযোগে সংখ্যালঘু ছাত্ৰ সংগঠনক হুংকাৰ দিছে আছাম পাব্লিক ৱৰ্কছে। সংগঠনটোৱে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাক বিৰোধিতা কৰি ৫ লাখ লোক লৈ অসম কঁপোৱাৰ কথা কোৱা সংখ্যালঘু সংগঠনটোক প্ৰত্যাহ্বান জনায় আসাম পাব্লিক ৱৰ্কছে। সংগঠনটোৰ দাবী, সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাখন বিচৰা নাই পূৰ্ববংগীয় মুছলমানে। খচৰাৰ বিৰোধিতা কৰা সংখ্যালঘু ছাত্ৰ সংগঠনে আৰৱৰ পৰা অহা ধনেৰে হাজেলাক মেনেজ কৰিছিল, যাতে ইয়াৰ দ্বাৰা পূৰ্ববংগীয় মুছলমানক ভাৰতীয় কৰিব পাৰি তাৰ বাবে চেষ্টা কৰিছিল। সমগ্ৰ অসম বাংলাদেশী লোকৰ কৰিবৰ বাবে চেষ্টা কৰিছে সংগঠনটোৱে। ইয়াৰ বাবেই ৫ লাখ লোক একত্ৰিত কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটোৰ বিৰোধিতা কৰাৰ চেষ্টা কৰিছে সংখ্যালঘু সংগঠনটোৱে। অসম কঁপোৱাৰ ষড়যন্ত্ৰত বিশেষ সংখ্যালঘু ছাত্ৰ সংগঠন নামি পৰিছে বুলি অভিযোগ তুলিছে আছাম পাব্লিক ৱৰ্কছে। এপিডব্লিউৱে কয়, অসমত এতিয়াও ৮০ লাখ বাংলাদেশী আছে। উজনি অসমৰ মানুহে ৫ লাখ লোক লৈ অসম কঁপোৱাৰ কথা কোৱা নাই। ইফালে এপিডব্লিউৰ দাবী, সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে দুটা দশকৰ বাবে আমি সুৰক্ষিত হ’ম। খিলঞ্জীয়াৰ এটা টেগলাইন লগাবলৈ চৰকাৰক আহ্বান জনালে আসাম পাব্লিক ৱৰ্কছে। এনআৰচিখনৰ ভূমিকা শেষ কৰাত এটা সংগঠন জড়িত হৈ আছে। এই দাবী এপিডব্লিউৰ সভাপতি অভিজিত শৰ্মা। তেওঁৰ মতে এই খচৰাৰ জৰিয়তে আমি ১০ৰ পৰা ১৫ বছৰ সুৰক্ষিত হ’লো।

You might also like