নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূটানে এৰি দিয়া পানীৰ ফলত চিৰাঙত বানপানী

নিয়মীয়া বাৰ্তা, ১২ জুলাই : চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ বানপানীৰ কৱলত পৰিছে চিৰাঙৰ ভূটান সীমান্তৱৰ্তী মালিভিটা, নাঙলভাঙাকে আদি কৰি প্ৰায় ২০-২৫খন গাঁও। চুবুৰীয়া ৰাষ্ট্ৰখনৰ পৰা হঠাতে নামি অহা পানীৰ কোবাল সোঁতৰ ফলত ফেনে ফোটোকাৰে ওফন্দি উঠিছে লালাই, আই, নাঙলভাঙা আৰু মাক্ৰা নৈৰ জলপৃষ্ঠ। নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত পাৰ বাগৰি এই বানৰ সৃষ্টি হৈছে। যোৱানিশাৰে পৰা বাঢ়ি অহা নৈকেইখনৰ বাঢ়নী পানীত ভূটান সীমান্তৰ বহু গাঁও ইতিমধ্যে বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। কেইবাখনো গাঁৱৰ ৰাইজে নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰা বুলি স্থানীয় সূত্ৰই প্ৰকাশ কৰিছে। সম্প্ৰতি বিপদ সীমাৰ ওপৰেদি বৈ যোৱা নাঙলভঙা নৈৰ কোবাল সোঁতে বৃহত্তৰ অঞ্চলটোত ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিছে। বাঢ়নী পানীৰ কোবাল সোঁতৰ মাজত নাঙলভাঙা নৈত কেইবাখনো লঘু বাহন আবদ্ধ হৈ পৰাৰ লগতে এখন মাৰুতি বাহন বাঢ়নী পানীয়ে বহুদূৰ উটুৱাই লৈ যায়। প্ৰায় ২০-২৫খন গাঁৱৰ বাসিন্দাৰ মাজত আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে।

প্ৰেৰক বিপুল কুমাৰ দাস

You might also like