নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধৃত কুখ্যাত জহিৰুলৰ প্ৰৱঞ্চনাৰ অন্তহীন আখ্যান

🔴অৰুণাচল, মেঘালয় পৰ্য্যন্ত প্ৰৱঞ্চনাৰ জাল পেলাই লুটিছিল কোটি কোটি টকা

🔴শিৱসাগৰলৈ শ শ প্ৰৱঞ্চিত পৰিয়ালৰ আগমন

🔴অৰুণাচল-নগাঁৱত কাৰাবাস খাটিছিল প্ৰৱঞ্চনাৰ গোচৰত

🔴লখিমপুৰ জিলাতো বিচাৰি আছে বহু প্ৰৱঞ্চিত পৰিয়ালে

🔴কলকাতামুখী বিমানত উঠাৰ প্ৰাকমুহূৰ্তত পৰিল আৰক্ষীৰ জালত

নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ শিৱসাগৰকে ধৰি উজনি অসমৰ কেউখন জিলাত কাঠ ফুলাৰ ফাৰ্ম খোলাৰ নামত কেইবাকোটি টকা লুন্ঠন চলাই অৱশেষত আৰক্ষীৰ জালত পৰা মহা প্ৰৱঞ্চক জহিৰুল ইছলামে আৰক্ষীৰ জেৰাত ফাদিল কৰিছে ইটোৰ পিছত সিটো বিস্ফোৰক তথ্য৷ জয়সাগৰ আৰক্ষীয়ে গুৱাহাটী বৰঝাৰ আৰক্ষীৰ সহযোগত বিমানেৰে কলকাতালৈ পলায়ন কৰাৰ প্ৰাকঃমুহূত্বত বিমানবন্দৰৰ লাউঞ্জৰ পৰা আটক কৰিবলৈ সক্ষম হোৱা জহিৰুলৰ প্ৰৱঞ্চনাৰে জালেৰে আৱৰি ধৰিছিল চুবুৰীয়া অৰুণাচল আৰু মেঘালয়কো৷ ইতিমধ্যে ছাপা মাধ্যম আৰু বৈদ্যুতিন মাধ্যমত মহা প্ৰৱঞ্চক জহিৰুল আটক হোৱাৰ বাতৰি ছবি সহিতে প্ৰকাশ পোৱাৰ পিছতেই সম্বিত ঘুৰাই পোৱা বহু পৰিয়ালে হেৰুওৱা ধন বিচাৰি এতিয়া শিৱসাগৰত আহি উপস্থিত হৈছেহি ৷ শিৱসাগৰ ন-আলি পি-ডিন নগৰত কাৰ্য্যালয় স্থাপনেৰে নিবনুৱা সংস্থাপনৰ অচিলাৰে কাঠ ফুলা খেতিৰ ফাৰ্ম খোলাৰ নামত লুন্ঠন চলোৱা জহিৰুলে ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশতো অনুৰূপ ধৰণে কাৰ্য্যালয় স্থাপন কৰি লুটিছিল ছয় কোটিতকৈও অধিক টকা ৷ জানিব পৰা মতে অৰুণাচল জিলাৰ পাচিঘাট, ৰয়িঙৰ লগতে মুঠ পাঁচটা স্থানত কাৰ্য্যালয় স্থাপন কৰি এটা বছৰৰ ভিতৰতেই ছয় কোটিতকৈও অধিক টকা লুটিছিল ৷ ইফালে প্ৰৱঞ্চক জহিৰুলে অনুৰূপ এন ই মাচৰূম বিজিনেচ গ্ৰুপ নামৰ কাৰ্য্যালয় খুলি মেঘালয়ৰ শ্বিলঙকে ধৰি কেইবাটাও স্থানত কাঠ ফুলাৰ ফাৰ্ম খোলাৰ নামত শ শ প্ৰতিষ্ঠিত পৰিয়ালৰ পৰা কেইবাকোটি টকা প্ৰৱঞ্চনাৰে সৰকোৱাৰ লগতে কাৰ্য্যালয়ত নিযুক্তি দিয়া প্ৰায় অদ্ধ শতাধিক এজেন্টৰূপী যুৱককো প্ৰৱঞ্চনা কৰি পলাই ফুৰিছিল৷ ইতিমধ্যে জহিৰুলৰ জিম্মাৰ পৰা উদ্ধাৰ কৰা মবাইল ফোনত এনে বিস্ফোৰক তথ্য আৱদ্ধ থকা বুলি এক সুত্ৰই সাংবাদিকক জানিবলৈ দিছে৷ উল্লেখ্য যে সঘনে বেশভূষা সলনিত পাকৈত অত্যন্ত চতুৰ জহিৰুলে শিৱসাগৰত থকাৰ সময়চোৱাত সম্পুৰ্ণ চাহাবী কায়দাৰে চলা-ফিৰা কৰিছিল৷ প্ৰৱঞ্চিত পৰিয়াল অথবা কাৰ্য্যালয়ত কৰ্মৰত কৰ্মচাৰীসকলৰ পৰা ছাৰ সম্বোধন আদায় কৰা জহিৰুলে যিকোনো পৰিয়াল অথবা হোটেল ৰেষ্টুৰেন্টত লোকেল চিকেন অবিহনে খাদ্য গ্ৰহণ নকৰিছিল৷ শিৱসাগৰ জিলাখনৰ প্ৰায় তিনি শতাধিক প্ৰতিষ্ঠিত পৰিয়ালৰ পৰা কেইবাকোটি টকা কাঠ ফুলা ফাৰ্ম খোলাৰ নামত সৰকোৱাৰ পিছতেই পলায়নৰ সময়তেই আৰক্ষীৰ জালত পৰা প্ৰৱঞ্চক জেহিৰূলক ১০২ / ২৩ নম্বৰ গোচৰত জয়সাগৰ আৰক্ষীয়ে আনুষ্ঠানিক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাত তদন্তকাৰী আৰক্ষী বিষয়াৰ আবেদনৰ ভিত্তিত তিনিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷স্মৰ্তব্য যে, নগাঁও জিলাৰ জুৰীয়া নিবাসী পুৰ্ববংগীয় মূলৰ নিবাসী জহিৰুলক জুৰীয়াবাসীয়েও নটৱৰলাল হিচাবেহে জানে ৷ জুৰীয়া অঞ্চলতো অনুৰূপ ধৰণে প্ৰৱঞ্চনা কৰাৰ অপৰাধত জুৰীয়া থানাত ২০২১ চনত পঞ্জীয়ন হোৱা ৩৬১ নম্বৰৰ গোচৰৰ বিপৰীতে ভাৰতীয় দণ্ডবিধি ১৪৩/৩৪২/২৯৪/৩২৩/৫০৬ ধাৰাত গ্ৰেপ্তাৰ হোৱা মহাপ্ৰৱঞ্চক জহিৰুলক অৰুণাচল আৰক্ষীয়েও দুবছৰৰ পুৰ্বে অনুৰূপ প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল ৷ আঠ মাহ কাৰাগাৰত থাকি মুকলি হৈ অহা জহিৰুলে লখিমপুৰ জিলাতো কাঠ ফুলা খেতিৰ ফাৰ্ম খোলাৰ নামত কোটি টকীয়া কেলেংকাৰী কৰাৰ অভিযোগ আহিছে৷ নাজিৰাত ভাড়া ঘৰ লৈ সপ্তাহত পাঁচ টা দিনেই বিলাসী গাড়ী লৈ জুৰীয়ালৈ যোৱা জেহিৰুলৰ জিম্মাৰ পৰা অদ্যপৰিমিত নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাৰ ঘটনাই আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷কলকাতাতো এন ই মাচৰূম বিজিনেচ গ্ৰুপৰ বিলাসী কাৰ্য্যালয় খুলি ৰাজকীয় জীৱন অতিবাসীত কৰা প্ৰৱঞ্চক জহিৰুলক বিছাৰি নগাঁও, লখিমপুৰৰ পৰাও আজি বহু প্ৰৱঞ্চিত পৰিয়ালে আহি থানাত ভিৰ কৰিছেহি ৷অত্যন্ত চতুৰ আৰু সঘনে ভাষ্য সলনি কৰা প্ৰৱঞ্চক জহিৰুলে এই মুহূত্বলৈকে লুন্ঠনৰ আঁৰৰ বিস্তৃত তথ্যৰ সন্দৰ্ভত কোনো কথাই মুখ নোখোলাৰ ঘটনাই বিশেষ তাৎপৰ্য্য বহন কৰিছে ৷ অৱশ্যে আৰু দুটা দিন শিৱসাগৰ আৰক্ষীৰ জিম্মাত থাকিবলগীয়া জহিৰুলৰ মুখ তদন্তকাৰী আৰক্ষীয়ে কিদৰে খোলে সেয়া হব লক্ষণীয় ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like