নিয়মীয়া বাৰ্তা, ১২ জুলাই : শোণিতপুৰৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চাৰিদুৱাৰৰ ঢাৰিকাটি পালেংগাঁৱত এজন ছাত্ৰই ফেনে-ফোটোকাৰে বাঢ়ি থকা জীয়াভৰলী নৈত গা ধুবলৈ গৈ বিগত তিনি দিনে সন্ধানহীন হৈ থকাৰ খবৰে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ঢাৰিকাটি পালেংগাঁৱৰ বাসিন্দা খৰ্গেশ্বৰ মিলি আৰু জুনুকা মিলিৰ পুত্ৰ তথা চাৰিদুৱাৰ চেঙেলীমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ মতি মিলি তিনি দিন পূৰ্বে গাঁৱৰ সমীপেদি বৈ যোৱা জীয়াভৰলী নৈত গা ধুবলৈ যোৱাৰ পিছৰেপৰা আজিপৰ্যন্ত সন্ধানহীন হৈ আছে। পিতৃ-মাতৃয়ে যুৱকজনৰ কাপোৰ নৈৰ পাৰ উদ্ধাৰ কৰিছিল যদিও গাঁওখনতে এইকেইদিন বিচাৰ-খোঁচাৰ কৰাৰ অন্তত আজি ল’ৰাজনে জীয়াভৰলীত গা ধুবলৈ যোৱাৰ খবৰ লাভ কৰাত হুৱা-দুৱা লাগে। পৰিয়ালৰ লোকে গাঁওৰক্ষী বাহিনী আৰু একাংশ সচেতন ৰাইজৰ সহযোগত ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীক খবৰ দিয়ে। আজি ঘটনাস্থলীত এচ ডি আৰ এফৰ লোক উপস্থিত হৈ ৰবৰৰ নাও লৈ সন্ধানহীন ছাত্ৰজনৰ সন্ধানত জীয়াভৰলী নৈৰ বুকুত অভিযান চলায়। বাতৰি লিখাৰ সময়তো উদ্ধাৰ অভিযান অব্যাহত আছে যদিও সন্ধানহীন ছাত্ৰজনৰ কোনো শুংসূত্ৰ লাভ কৰা নাই ।
প্ৰেৰক প্ৰাঞ্জল বৰা