নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত নিৰ্বাচনী হিংসা : ধুবুৰীত আশ্ৰয় বিজেপিৰ বিজয়ী পঞ্চায়ত সদস্যৰ

নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ চুবুৰীয়া পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ ধুবুৰী জিলা সংলগ্ন অঞ্চলৰ পৰা কেৱল বিজেপি সমৰ্থক বা ভোটাৰেই কেৱল নহয়; প্ৰাণৰ মমতাত ধুবুৰীত আহি আশ্ৰয় ল’বলগীয়া হৈছে ৰাজ্যখনত সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ কেইবাগৰাকীও বিজয়ী গাঁও পঞ্চায়ত সদস্যও। আজি বিজেপিৰ তেতুলতলাৰ ধুবুৰীস্থ জিলা কাৰ্য্যালয়ত এক আয়োজিত সংবাদ মেলত পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ দুটাকৈ গাঁও পঞ্চায়তৰ পৰা বিজয়ী হৈ দলটোৰ গাঁও পঞ্চায়ত সদস্যও নিৰাপত্তাজনিত কাৰণত ধুবুৰীত আশ্ৰয় ল’বলগীয়া হোৱাৰ তথ্যও উঠি আহে। সংবাদ মেলখনত দলটোৰ ধুবুৰী জিলা সভাপতি প্ৰসেনজিৎ দত্তই যোৱা ৮ জুলাইত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত পশ্চিমবংগত মমতা ব্যানার্জী নেতৃত্বাধীন চৰকাৰখনে চলোৱা তাণ্ডবলীলাৰ ফলত ৰাজ্যখনত গণতন্ত্ৰ মোটামুটি নাইকিয়া হৈ পৰা বুলি মন্তব্য কৰে। ৰাজ্যখনৰ ২০১৮ চনৰ নিৰ্বাচনৰ অনুৰূপে এইবাৰো নিৰ্বাচনৰ পিছত পশ্চিমবংগত আৰম্ভ হোৱা ধ্বংসলীলাৰ পৰা পৰিত্ৰাণ বিচাৰি অসমলৈ পলাই অহা বিভিন্ন ধৰ্মাৱলম্বীৰ প্ৰায় ২০০ লোক ইতিমধ্যে ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ ৰণপাগলী এম ই স্কুলত আশ্ৰয় লোৱা বুলি সদৰি কৰে তেওঁ। জানিব পৰা মতে, বিজেপিৰ প্ৰাৰ্থীৰূপে গাঁও পঞ্চায়ত নিৰ্বাচনতৰ বিজয়ী হৈ অহা গাঁও পঞ্চায়ত সদস্যৰ উপৰি পশ্চিমবংগৰ কোচবিহাৰ কেইবাগৰাকী দলীয় কাৰ্য্যকৰ্তাকো নিৰাপত্তাজনিত কাৰণত যোৱানিশাৰ পৰা ৰখা হৈছে ধুবুৰীত। উল্লেখ্য যে, পশ্চিমবংগৰ পৰা প্ৰাণৰ মমতাত নিৰাপত্তা বিচাৰি অসমলৈ অহা বিজেপি সমৰ্থককে ধৰি অইন দলৰ বিজয়ী প্ৰাৰ্থী আৰু তেওঁলোকৰ ল’গত অহা একাংশ লোককো ইতিমধ্যে ধুবুৰী জিলাৰ গোলকগঞ্জৰ ৰণপাগলীত থকা, খোৱা-বোৱাকে ধৰি সুৰক্ষাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ধুবুৰী জিলা প্ৰশাসন আৰু আৰক্ষীয়ে। জানিব পৰা মতে সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত পশ্চিমবংগৰ কোচবিহাৰ লোকসভা সমষ্টিৰ দুটাকৈ গাঁও পঞ্চায়তৰ মুঠ ৯গৰাকীকৈ বিজেপিৰ বিজয়ী পঞ্চায়ত সদস্যই আশ্ৰয় ল’বলগীয়া হৈছে ধুবুৰীত। ধুবুৰী জিলা বিজেপি সূত্ৰে জানিব পৰানুসৰি, কোচবিহাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চিলাখানা-২ গাঁও পঞ্চায়তৰ পৰা বিজয়ী হৈ অহা গাওঁ পঞ্চায়ত সদস্য ঝুলন দাস, খুদিৰাম বসাক, ৰীতা দত্ত দাস, সম্বল চন্দ, বিশ্বনাথ দাস আৰু সেই একেটা লোকসভা সমষ্টিৰেই অন্তৰ্গত বলৰামপুৰ দ্বিতীয় খণ্ড গাঁও পঞ্চায়তৰ বিজয়ী গাঁও পঞ্চায়ত সদস্যা আৰতি বৰ্মন, বীণা মল্লিক, প্ৰমিলা দাস, সত্যজিৎ বৰ্মনক বৰ্তমানে ধুবুৰীত আশ্ৰয় লৈছে। আজিৰ বিজেপিৰ সেই সংবাদমেলখনত উপস্থিত থকা দলটোৰ বিজয়ী সেই গাওঁ পঞ্চায়ত সদস্য সকলে নিজৰ গৃহত্যাগ কৰি এইদৰে প্ৰাণৰ মমতাত ধুবুৰীত আশ্ৰয় ল’বলগীয়া হোৱাৰ বাবে পোনচাতেই তৃণমূল কংগ্ৰেছক জগৰীয়া কৰে। আনকি বিজেপিক ভোট দি বিজয়ী কৰা অনা পঞ্চায়ত দুখনৰ ভোটাৰ সকলেও বৰ্তমানে চৰম অনিশ্চয়তাত ভূগি থকা বুলিও তেওঁলোকে সাংবাদিকৰ সন্মুখত মন্তব্য কৰা পোৱা যায়। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ সময়ত তৃণমূল কংগ্ৰেছৰ কেডাৰৰ বিভিন্ন ভয়-ভাবুকি আৰু হেঁচাৰ সন্মুখীন হ’বলগীয়া হোৱা বুলিও অভিযোগ কৰাৰ সমান্তৰালকৈ তৃণমূলে ভোটাৰক ভয়-ভাবূকিৰে ভোট ৰিগিং নকৰিলে গাঁও পঞ্চায়ত দুটাৰ পৰা বিজেপিৰ অইন কেইবাগৰাকী প্ৰাৰ্থীও বিজয়ী হৈ আহিলহেঁতেন বুলিও আক্ষেপ কৰা পোৱা যায় তেওঁলোকে। কোচবিহাৰ জিলা প্ৰশাসন আৰু আৰক্ষীয়ে তৃণমূল কংগ্ৰেছ দলৰ কেডাৰৰূপে কাম কৰাৰ বিষ্ফোৰক অভিযোগ তেওঁলোকৰ। আজি জিলা বিজেপিৰ এই সংবাদমেলখনত দলটোৰ জ্যেষ্ঠ নেতা বিমল ওচৱাল, বিমল কুমাৰ সাহা, ডাঃ দেৱময় সান্যাল প্ৰমুখ্যে দলটোৰ অইন কেইবাগৰাকী দলীয় কাৰ্য্যকৰ্তাকে ধৰি ভাৰতীয় জনতা যুৱমৰ্চাৰ জিলা পৰ্য্যায়ৰ কেইবাগৰাকী কাৰ্য্যকৰ্তা উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like