নিয়মীয়া বাৰ্তা, ১২ জুলাই : দুলীয়াজান অইল ইণ্ডিয়াৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা শিৱসাগৰ টেস্কী আলি নিবাসী চমছুল হুছেইন (৭২)ৰ আজি পুৱতিনিশা টেস্কী আলীৰ নিজা বাসগৃহত মৃত্যু হয়৷ এগৰাকী সমাজ সংগঠক তথা বিভিন্ন সময়ত দৰিদ্ৰ, আৰ্তজনৰ কাষত সাহসেৰে থিয় দিয়া চমচুল হুছেইন বিগত কিছু দিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ ঘৰতে জিৰণী লৈ আছিল ৷ জন্ম সুত্ৰে অৰ্জুনগুৰি গাঁৱৰ প্ৰাক্তন গাঁওবুঢ়া প্ৰয়াত মোবাৰক আলিৰ কনিষ্ঠ পুত্ৰ চমচুল হুছেইনে অইল ইণ্ডিয়াৰ চাকৰি সময়ত আৰু অৱসৰৰ পিছতো শিৱসাগৰৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছিল৷ বৰ্ণ-ধৰ্ম নিৰ্বিশেষে যিকোনো ব্যক্তিৰ অসুখ অথবা মৃত্যুৰ খবৰ পালেই পৰিয়ালটোৰ কাষত উপস্থিত হোৱা চমচুল হুছেইনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতেই টেস্কী আলিৰ বাসগৃহত অগনণ গুণমুগ্ধ উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ইহ সংহাৰত এজন পুত্ৰ, পৰিবাৰ, তিনি জীয়াৰী এৰি যোৱা চমচুল হুছেইনৰ জানাজা আজি বিয়লি দৰবাৰ ফিল্ড কেন্দ্ৰীয় কৱৰস্থানত সহস্ৰাধিক গুণমুগ্ধ, আত্মীয় স্বৰ্জনৰ উপস্থিতিত সম্পন্ন কৰা হয় ৷ তেওঁৰ মৃত্যুত উজনি অসম মুছলিম কল্যাণ পৰিষদ,অসমীয়া যুৱ মঞ্চ, সংগ্ৰামী সেনা, জিলা বাৰ্তাজীৱী সংঘ, সমাজিক অনুস্থান বিকৰণৰ লগতে বহু অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোঁক প্ৰকাশ কৰিছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান