বিশেষ বাৰ্তা, ১২ জুলাইঃ প্ৰাগজ্যোতিষপুৰ থানাৰ অন্তৰ্গত চন্দ্ৰপুৰৰ শিঙিমাৰীত আজি প্ৰাক্তন মন্ত্ৰী এজনৰ বিলাসী বাহন এখনে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত কৰে। এই দুৰ্ঘটনাত দুজনকৈ ছাত্ৰ গুৰুতৰ ভাবে আহত হয়। প্ৰাপ্ত তথ্য অনুসৰি প্ৰাক্তন মন্ত্ৰী যতীন মালী পৰিয়ালসহ চন্দ্ৰপুৰস্থিত আৰোহণ ৰিজোৰ্টলৈ আহিছিল। প্ৰাক্তন মন্ত্ৰীজনে পৰিয়ালৰ সৈতে ৰিজোৰ্টত আহাৰ গ্ৰহণ কৰাৰ বিপৰীতে তেওঁৰ ব্যক্তিগত দেহৰক্ষী আৰু চালকক আন ঠাইলৈ ভাত খাবলৈ পঠিয়ায়। জানিব পৰা মতে ভাত খাই ৰিজোৰ্টলৈ ওভোতাৰ সময়ত শিঙিমাৰী চ’কৰ পৰা ৰিজোৰ্টলৈ যোৱা পথটোত চালকৰ পৰিবৰ্তে ব্যক্তিগত দেহৰক্ষী আস্কাৰ আলীয়ে চলাই গৈছিল এ এছ-০১ এ জেদ-০০০৫ নম্বৰৰ ফৰ্চুনাৰ গাড়ীখন। প্ৰত্যক্ষদৰ্শীয়ে জানিব দিয়া মতে বাহনখন আৰম্ভৰে পৰা বেকাবেকিকৈ তীব্ৰ বেগত গৈ বিপৰীত দিশৰ পৰা চাইকেলেৰে আহি থকা দুই ছাত্ৰক মহটিয়াই নিয়াৰ লগতে বিদ্যুৎ খুঁটা এটাও মহটিয়াই নিয়ে। ফলত বিদ্যুৎ খুঁটাটো খণ্ড বিখণ্ড হৈ পৰে আৰু চাইকেল সহ এজন ছাত্ৰ বাহনখনৰ তলত সোমাই পৰে। লগে লগে স্থানীয় ৰাইজে অতি তৎপৰতাৰে অশেষ চেষ্টাৰ অন্তত ছাত্ৰজনক উলিয়াই আনে।পিছত আৰক্ষীয়ে ততাতয়াকৈ দুই আহত ছাত্ৰক চিকিৎচালয়লৈ প্ৰেৰণ কৰে। সম্প্ৰতি ছাত্ৰ দুজন সংকট মুক্ত বুলি জানিব পৰা গৈছে। ৰাজু দাস(১৫) আৰু ভীম বিশ্বাস (১৫) নামৰ দশম শ্ৰেণীৰ ছাত্ৰ দুজন টিউচনলৈ বুলি আহি আছিল। জানিব পৰা মতে পি এচ অজনৰ গাড়ী চালনাৰ কোনো অভিজ্ঞতা অবিহনে বাহনখন চলোৱাৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। উল্লেখ্য যে দুৰ্ঘটনাটোৰ পিছতে স্থানীয় ৰাইজ উত্তেজিত হয় যদিও আৰক্ষীৰ তৎপৰতাত নিয়ন্ত্ৰিত হয় পৰিস্থিতি।
প্ৰেৰক বিভাষ দাস