নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ্রান্সলৈ প্রধানমন্ত্রী : বাষ্টিল দিৱসত পূৰাব সন্মানীয় অতিথিৰ আসন

বিশেষ বাৰ্তা, ১২ জুলাইঃ চৰকাৰী ভ্রমণসূচীৰে ফ্রান্সলৈ ৰাওনা প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ ১৩-১৪ জুলাই দুদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্রী মোদীয়ে ফ্রান্সত উপস্থিত হোৱাৰ পিছত দেশখনৰ ৰাষ্ট্রপতি এমানুৱেল মেক্ৰনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব৷ ফ্রান্সৰ ৰাষ্ট্রীয় উৎসৱ তথা বাষ্টিল দিৱসৰ পেৰেডত সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰিব প্রধানমন্ত্রী মোদীয়ে৷ ৰাষ্ট্রপতি এমানুৱেল মেক্ৰনৰ আমন্ত্রণক্রমে প্রথমবাৰৰ বাবে ফ্রান্স ভ্রমণ কৰিব প্রধানমন্ত্রী মোদীয়ে৷ এই ভ্রমণ সময়ছোৱাত প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্রপতি মেক্ৰনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈ কেইবাটাও গুৰুত্বপূর্ণ বিষয়ত চুক্তি সম্পন্ন কৰাৰ সম্ভাৱনা আছে৷ ভাৰত–ফ্রান্স কৌশলগত অংশীদাৰৰ ২৫সংখ্যক বার্ষিকী উপলক্ষে প্রধানমন্ত্রী মোদীৰ ফ্রান্স ভ্রমণ অতি গুৰুত্বপূর্ণ হৈ পৰিছে৷ ৰাষ্ট্রপতি মেক্ৰনৰ সৈতে ঘনিষ্ঠ বন্ধুত্ব থকা প্রধানমন্ত্রী মোদীক এই ভ্রমণৰ সময়ছোৱাতে বিশেষ আতিথ্য প্রদান কৰিব ৰাষ্ট্রপতিগৰাকীয়ে৷ ব্যক্তিগত নৈশ আহাৰত মোদীক আতিথ্য প্রদান কৰাৰ লগতে দেশখনৰ বিখ্যাত কোম্পানীসমূহৰ চিইঅ’ৰ সৈতে একেলগে আলোচনাত বহিব৷ ফ্রান্সত দুদিনীয়া ভ্রমণসূচী সামৰি প্রধানমন্ত্রী মোদীয়ে ওভতনি যাত্রাত ইউ এ ই ভ্রমণ কৰিব৷ উল্লেখ্য যে ইউ এ ইৰ ৰাষ্ট্রপতি মহম্মদ বিন জায়েদ অল নাহিয়ানৰ সৈতে বৈঠকত মিলিত হ’ব মোদী৷

You might also like