বাৰ্তা ব্যুৰ’, ১২ জুলাই : সমগ্ৰ দেশৰ লগতে অসমবাসীলৈ এক আশাৰ খবৰ কঢ়িওৱাৰ লগতে বৈজ্ঞানিক সমাজৰ বাবে এক উল্লেখযোগ্য দিশৰ সূচনা কৰি বহু প্রত্যাশিত “চন্দ্ৰযান-৩” অভিযানৰ উৎক্ষেপণ নিয়ন্ত্ৰণ তথা অভিযান পৰিচালনা কৰিবলৈ এইবাৰ যোগ্যতা অৰ্জন কৰিছে চয়ন দত্ত নামৰ এগৰাকী সুদক্ষ অসমীয়া বিজ্ঞানীয়ে। উল্লেখ্য যে সম্প্ৰতি মহাকাশ বিভাগৰ ইউ আৰ ৰাও চেটেলাইট চেণ্টাৰত বিজ্ঞানী তথা অভিযন্তা হিচাপে কৰ্মৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্রনিক্স আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগৰ প্ৰাক্তন ছাত্ৰ দত্তৰ এই খবৰে উল্লাসিত কৰি তুলিছে তেজপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক। মন কৰিবলগীয়া যে এইগৰাকী অসম সন্তান বিজ্ঞানীৰ ওপৰত এতিয়া ন্যস্ত হৈছে “অন বর্ড কমাণ্ড টেলিমেট্রি, ডাটা হেণ্ডলিং এণ্ড ষ্ট’ৰেজ চিষ্টেম”ৰ লগতে লেণ্ডাৰ, চন্দ্ৰয়ান-৩”ৰ উপ প্রকল্পৰ সঞ্চালকৰ গুৰু দ্বায়িত্ব। উল্লেখ্য যে ‘কমাণ্ড এণ্ড ডাটা হেণ্ডলিং ষ্টপেজ চিষ্টেম মূলতঃ” অর্বিটাৰৰ মগজু” আৰু ই মহাকাশযানৰ সকলো কাৰ্য্য নিয়ন্ত্রণ কৰে। ভাৰতৰ তৃতীয় চন্দ্ৰ অভিযান” চন্দ্রযান-৩” খন ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) ল ভেহিকেল মার্ক-1ত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ গবেষণা কেন্দ্ৰৰ পৰা অহা ১৪ জুলাইত উৎক্ষেপণ কৰাৰ কথা তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰাৰ লগতে এই সন্দৰ্ভত বিজ্ঞানী দত্তৰ প্ৰতিক্ৰিয়াও উল্লেখ কৰিছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ গৰাকীয়ে “এই দায়িত্ব নিষ্ঠাৰে ৰূপায়ন কৰিবলৈ পাই ধন্য হোৱাৰ লগতে সংশ্লিষ্ট সকলোকে কৃতজ্ঞতা জনাইছে । এই অভিযান আমাৰ দেশ আৰু বিশ্ব বৈজ্ঞানিক সমাজৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি ৰূপে চিহ্নিত হৈ ৰ’ব বুলিও উল্লেখ কৰিছে। আনহাতে বিজ্ঞানী দত্ত আৰু সমগ্ৰ দলটোক শুভেচ্ছা জনাই তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভুনাথ সিঙে উল্লেখ কৰিছে যে, “এই উল্লেখযোগ্য অভিযানৰ প্ৰক্ৰিয়াই মহাকাশ অন্বেষণৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা উন্মোচিত কৰাই নহয়, লগতে দেশৰ ভিতৰৰ ব্যতিক্ৰমী প্ৰতিভা আৰু পাৰদৰ্শিতাকো উজ্জ্বলাই তুলিছে। সমগ্র দেশ, অসমবাসী, আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত”বুলি উল্লেখ কৰে উপাচাৰ্য্য গৰাকীয়ে।
প্ৰেৰক পুলক কুমাৰ ডেকা