নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : দৰিদ্রতা নির্মূল অভিযান

বিশ্বজুৰি দেশসমূহে দৰিদ্রতা নির্মূল অভিযান চলাই আছে৷ ৰাষ্ট্রসংঘয়ো দৰিদ্র দেশসমূহৰ পৰা মানৱ জাতিৰ অভিশাপস্বৰূপ দৰিদ্রতা নির্মূলৰ বাবে বিভিন্ন আঁচনি গ্রহণেৰে অভিযান চলাই আছে৷ দৰিদ্রতা নির্মূল অভিযান ইতিবাচক হিচাপে পৰিগণিত হৈছে৷ ৰাষ্ট্রসংঘৰ উন্নয়ন কার্যসূচী আৰু অক্সফ’ড বিশ্ববিদ্যালয়ে ‘বহুমাত্রিক দৰিদ্রতা’ শীর্ষক গৱেষণামূলক প্রতিবেদন প্রচাৰ কৰাৰ পিছতে বিশ্বজুৰি দৰিদ্রতা হ্রাস পোৱাৰ তথ্য নিশ্চিত হৈছে৷ অৱশ্যে এতিয়াও বিশ্বজুৰি ১২০ কোটি লোক দৰিদ্রতাৰ কবলত আছে৷ ৰাষ্ট্রসংঘৰ দ্বাৰা প্রকাশিত গৱেষণামূলক প্রতিবেদনত বিশ্বৰ ১১১খন উন্নয়নশীল দেশৰ ১২০ কোটি লোক বহুমাত্রিক দৰিদ্রতা সূচকৰ বিশেষকৈ দৰিদ্রতাৰ বহুকেইটা স্তৰৰ তলত বসবাস কৰি আছে৷ প্রতিবেদনত প্রকাশিত তথ্য মতে উন্নয়নশীল দেশত বহুমাত্রিক দৰিদ্রতাত প্রতি ৫জনৰ বিপৰীতে এজন লোকে দৰিদ্র জীৱন কটাইছে৷ কোটি কোটি লোক পর্যাপ্ত পুষ্টিদায়ক আহাৰ, অনাময়, গৃহ আৰু উন্নতমানৰ ৰন্ধন সঁজুলিৰ পৰা বঞ্চিত হৈ আছে৷ অর্থাৎ এই লোকসকল দৰিদ্রতাৰ সীমাৰেখাৰ তলত বাস কৰি আছে৷ অক্সফ’ড বিশ্ববিদ্যালয় আৰু ৰাষ্ট্রসংঘৰ উন্নয়ন কার্যসূচীৰ দ্বাৰা প্রকাশিত প্রতিবেদনত ভাৰতৰ দৰিদ্রতাৰ হাৰ হ্রাস পোৱাটো প্রকাশ পাইছে৷ ই দেশখনৰ বাবে ইতিবাচক৷ কিয়নো, ১৯৫০ চনৰে পৰা ভাৰতে বিভিন্ন আঁচনি লৈ দৰিদ্রতা নির্মূলৰ অভিযান চলাই আহিছে৷ এনে ক্ষেত্রত ৰাষ্ট্রসংঘৰ প্রতিবেদনত ভাৰতৰ দৰিদ্রতাৰ হাৰ হ্রাস পোৱাটো আশাব্যঞ্জক আৰু উৎসাহজনক৷

দৰিদ্রতা নির্মূলত ভাৰতে উল্লেখনীয় সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ ১৫ বছৰত দেশখনত দৰিদ্রতাৰ পৰা মুক্ত হৈছে ৪১.৫০ কোটি লোক৷ ভাৰতৰ এই সফলতাৰ বাবে ৰাষ্ট্রসংঘই ভূয়সী প্রশংসা কৰিছে৷ আন্তর্জাতিক বহুমাত্রিক দৰিদ্রতাসূচক (এমপিআই)ৰ প্রতিবেদনত ভাৰতত বিগত ১৫ বছৰত ৪১.৫০ কোটি লোক দৰিদ্রতাৰ পৰা মুক্ত হোৱা বুলি তথ্য প্রকাশ পাইছে৷ বিশ্বৰ ২৫খন দেশ বিশেষকৈ ভাৰতকে ধৰি এই দেশকেইখনত ১৫ বছৰত আন্তর্জাতিক এম পি আইৰ মূল্য হ্রাস পাইছে৷ এই দেশকেইখনৰ ভিতৰত অন্যতম কম্বোডিয়া, চীন, কংগো, হণ্ডুৰাছ, ভাৰত, ইণ্ডোনেছিয়া, মৰক্কো, ছার্বিয়া আৰু ভিয়েটনাম৷ উল্লেখ্য যে চলিত বর্ষৰ এপ্রিল মাহত চীনক অতিক্রম কৰি ভাৰত বিশ্বৰ সর্বাধিক জনসংখ্যাৰ দেশ হিচাপে পৰিগণিত হৈছে৷ ইয়াৰ মাজতে দেশখনত উল্লেখনীয়ভাৱে দৰিদ্রতা হ্রাস পাইছে৷ ২০০৫-০৬ৰ পৰা ২০১৯-২১ৰ সময়ছোৱাৰ ভিতৰত ৪১.৫০ কোটি লোক দৰিদ্রতাৰ পৰা মুক্ত হৈছে৷ তথ্য মতে, ২০০৫-০৬ চনত ভাৰতত বহুমুখী দৰিদ্রতাত আছিল প্রায় ৬৪.৫০ কোটি লোক৷ এই সংখ্যা ২০১৫-১৬ চনত ৩৭ কোটিলৈ হ্রাস পায়৷ পৰৱর্তী ২০১৯-২১ত ইয়াৰ সংখ্যা ২৩ কোটিলৈকে নিম্নগামী হয়৷ ৰাষ্ট্রসংঘৰ প্রতিবেদনখনত এই কথাও স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে ভাৰতত বঞ্চিত লোকৰ সংখ্যা নিম্নগামী হৈছে৷ শিশু আৰু বঞ্চিত জাতি–সম্প্রদায়কে ধৰি দৰিদ্র ৰাজ্য আৰু গোট দ্রুতগতিত প্রগতিৰ দিশে আগবাঢ়িছে৷ দৰিদ্রতা নির্মূলৰ ক্ষেত্রত উল্লেখনীয় সফলতা তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ ভাৰতৰ ৫৫ শতাংশ দৰিদ্রতাৰ কবলত আছিল যদিও বিগত ১৫ বছৰত এই দৰিদ্রতাৰ শতাংশ ১৬লৈকে হ্রাস পায়৷ ৰাষ্ট্রসংঘই প্রকাশ কৰা এই প্রতিবেদনখনত এটা কথা উল্লেখ কৰা হৈছে যে সমষ্ট তথ্য ভয়াৱহ মহামাৰী ক’ভিডৰ পূর্বৰ পৰা সংগৃহীত৷ এনে ক্ষেত্রত ভাৰতৰ লগতে বিশ্বজুৰি দৰিদ্রতাৰ হাৰ হ্রাস পোৱাটো প্রতিবেদনত প্রকাশ পাইছে যদিও ক’ভিডোত্তৰ বিশ্ব আৰু ক’ভিডোত্তৰ ভাৰতৰ দৰিদ্রতাৰ হাৰ সন্নিৱিষ্ট নোহোৱাটো চিন্তনীয়৷ ক’ভিডোত্তৰ বিশ্ব আর্থিক সংকটত বিধ্বস্ত হৈ পৰাৰ পৰিপ্রেক্ষিতত ৰাষ্ট্রসংঘৰ প্রতিবেদনখনে কিমানদূৰ বাস্তৱক সাঙুৰি ল’ব পাৰিছে সেয়া বিচার্যৰ বিষয়৷ যিয়ে নহওক, ভাৰতৰ দৰিদ্রতাৰ হাৰ হ্রাস পোৱাটো দেশখনৰ বাবে আশাৰ ৰেঙনি৷

You might also like