নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত জিলমিল ডাঞ্চ এণ্ড এক্টিং ফ্ল’ৰৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

নিয়মীয়া বাৰ্তা, ১৩ জুলাইঃ দক্ষিণ কামৰূপৰ অগ্ৰণী শিল্পী গঢ়া সাংস্কৃতিক মঞ্চ জিলমিল ডাঞ্চ এণ্ড এক্টিং ফ্লোৰৰ দহ দিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ আজি সামৰণি পৰে। উল্লেখ্য যে এই বৰ্ষত পঞ্চদশ সংখ্যক বৰ্ষৰ বাৰ্ষিক প্ৰশিক্ষণ কৰ্মশালা আয়োজন কৰা হৈছিল। জিলমিল ডাঞ্চ এণ্ড এক্টিং ফ্লোৰ বকোৰ অধ্যক্ষ মনোজ (মন) দাসে জনোৱা মতে, তেওঁৰ অনুষ্ঠানৰ উদ্যোগত বকো আঞ্চলিক যুৱক সংঘৰ লগতে কলেজ অৱ এডুকেশ্বন বকোৰ সহযোগত যোৱা ২ জুলাইৰ পৰা অনুষ্ঠিত কৰা হৈছিল নৃত্য আৰু অভিনয়ৰ প্ৰশিক্ষণ কৰ্মশালাখন। কলেজ অৱ এডুকেশ্বন বকোৰ প্ৰেক্ষাগৃহত আয়োজন কৰা কৰ্মশালাৰ আজি সামৰণি পৰে। অধ্যক্ষ মনোজ দাসে জনোৱা মতে, পুৱাৰ ভাগত নটৰাজৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভণি কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভা, অসমৰ জনপ্ৰিয় খাদ্য বিশেষজ্ঞ তথা শৰীৰ চৰ্চাবীদ ত্ৰিবেণী ওজা; মহাবিদ্যালয়খনৰ প্ৰধান সচিব ড০ গণেশ্বৰ চহৰীয়াৰ লগতে বকোৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাসে। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীৰ দ্বাৰা নৃত্য প্ৰদৰ্শন আৰু এখনি চুটি নাট মঞ্চস্থ কৰা হয়। কৰ্মশালাখন পৰিচালনা কৰে জিলমিল ডাঞ্চ এণ্ড এক্টিং ফ্লোৰৰ অধ্যক্ষই। ইফালে মুঠ ৭৫গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নৃত্য আৰু অভিনয় কৰ্মশালাত অংশগ্ৰহণ কৰে আৰু ছাত্ৰ ছাত্ৰীক প্ৰমাণ পত্ৰৰ লগতে প্ৰথমবাৰৰ বাবে ছাত্ৰ-ছাত্ৰীক বিভিন্ন শিতানত এৱাৰ্ড আৰু জলপানি দিয়া হ’য়। কৰ্মশালাৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকে ডঃ গণেশ্বৰ চহৰীয়া, সুমিত ৰাভা, ত্ৰিবেণী ওজা, জ্যোতিপ্ৰসাদ দাস, মিষ্টাৰ ইউনিভাৰ্ছ গোলাপ ৰাভা আৰু কৌতুক অভিনেতা মোহন কলিতাকে ধৰি বহুসংখ্যক শিল্পী ক’লা কুশলী। অনুষ্ঠানত গীত মাত নৃত্যৰ উপৰি এখন চুটি নাট প্ৰদৰ্শন কৰা হয়।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like