বিশেষ বাৰ্তা, ১৩ জুলাইঃ সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত চন্দ্ৰপুৰ উন্নয়ন খণ্ডৰ চাৰিখন পঞ্চায়ত এলেকাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ গৃহ প্ৰৱেশ কাৰ্যসূচী ৰূপায়ন কৰা হয়। বিভাগীয় সূত্ৰৰ পৰা জানিব পৰা মতে চাৰি খন পঞ্চায়তত মুঠ ১১৩গৰাকী হিতাধিকাৰীৰ গৃহ প্ৰৱেশ কৰা হয়।তথ্য অনুসৰি পানীখাইতী, চন্দ্ৰপুৰ আৰু পশ্চিম মায়ং গাঁও পঞ্চায়তৰ ৩৫গৰাকীকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ গৃহ প্ৰৱেশ কৰাৰ বিপৰীতে আমচিং গাঁও পঞ্চায়তত মাত্ৰ ৮ গৰাকী হিতাধিকাৰীয়েহে গৃহ প্ৰবেশ কৰে।একাধিক অতিৰিক্ত উপায়ুক্ত আৰু অন্যান্য বিষয়াৰ উপস্থিতিত সম্পন্ন কৰা হয় এই গৃহ প্ৰবেশ কাৰ্যসূচী। জানিব পৰা মতে চন্দ্ৰপুৰ গাঁও পঞ্চায়তত অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মা আৰু অনুসূচীত জনজাতি উন্নয়ন পৰিসদৰ অধ্যক্ষা ৰুমা বড়ো দাস বিশেষভাৱে উপস্থিত থাকে। পানীখাইতী পঞ্চায়তত উপস্থিত থাকে আন এগৰাকী অতিৰিক্ত উপায়ুক্ত পিংকি দত্ত, চন্দ্ৰপুৰৰ ৰাজহ চক্ৰ বিষয়া কৃষ্ণ অৰ্জুন বৰ্মন আৰু বি ডি অ বনজ্যোৎস্না বৰগোঁহাই। একেদৰে পশ্চিম মায়ং গাঁও পঞ্চায়তৰ গৃহ প্ৰৱেশ অনুষ্ঠানত বিশেষ ভাৱে উপস্থিত থাকে চন্দ্ৰপুৰ উন্নয়ন খণ্ডৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া বিনোৱাৰা বেগম আৰু আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী নমিতা ৰয়। আনহাতে আমছিং পঞ্চায়তত এগৰাকী গ্ৰাম সেৱকৰ জৰিয়তে কৰা হয় গৃহ প্ৰবেশ অনুষ্ঠান। উল্লেখ্য যে ইয়াৰ উপৰি এই কাৰ্যসূচীত পঞ্চায়ত সভাপতি আৰু সচিব সকলো উপস্থিত থাকে।
প্ৰেৰক বিভাষ দাস