নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত গৃহ প্ৰৱেশ অনুষ্ঠানৰ সফল সামৰণি

নিয়মীয়া বাৰ্তা, ১৩ জুলাই : মৰিগাঁৱত ১২,৪৮৯ হিতাধিকাৰীৰ গৃহ প্ৰৱেশ অনুষ্ঠানৰ আয়োজন কৰা হয়। মৰিগাঁও জিলাৰ উপায়ুক্ত দেবাশীষ শৰ্মাৰ তত্বাৱধানত আৰু মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ক্ষিতীশ চন্দ্ৰ পেগুৰ একান্ত প্ৰচেষ্টাত জিলা খনৰ বিভিন্ন উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰী সকলৰ সহযোগত আয়োজন কৰা এই অনুষ্ঠানত মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মা,মৰিগাঁও জিলা পৰিষদৰ কাৰ্যাবাহী বিষয়া ক্ষিতীশ চন্দ্ৰ পেগু, অতিৰিক্ত উপায়ুক্ত, বিমান দাস, লাহৰীঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জিলাখনৰ জেষ্ঠ বিষয়াসকলে হিতাধিকাৰীসকলৰ ঘৰে ঘৰে গৈ এই শুভ মুহূৰ্ত্তত উপস্থিত থাকি হিতাধিকাৰীসকলক উৎসাহিত কৰে। তাৰোপৰি জিলাখনৰ বিধায়ক, পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধি, তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা অন্যান্য সদস্যসকলে‌ অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে আজি সমগ্ৰ অসমতে তিনি লাখৰো অধিক প্ৰধান মন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ হিতাধিকাৰী সকলৰ গূহ প্ৰৱেশ অনুষ্ঠানৰ লগত সংগতি ৰাখি এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছিল।এই অনুষ্ঠানটোৱে সমগ্ৰ মৰিগাঁও জিলাত ব্যাপক আলোড়নৰ সৃষ্টি কৰে। পুৱাৰ পৰাই হিতাধিকাৰী সকলৰ লগতে বিষয়া কৰ্মচাৰী সকলে নতুন সাজ পোচাক পৰিধান কৰি নতুনকৈ নিৰ্মাণ কৰা নিজৰ নিজৰ গূহৰ দুৱাৰ মুখত ৰৈ থকা দেখিবলৈ পোৱা যায়।আজি আনুষ্ঠানিক ভাৱে নিজৰ নতুন গূহটিত সোমাই হিতাধিকাৰী সকল অত্যন্ত সুখী আৰু আনন্দ উপভোগ কৰে। ইপিনে আজিৰ এই ঐতিহাসিক তিসাহিক অনুষ্ঠানটো বিষয়া কৰ্মচাৰী সকলে সুন্দৰকৈ পৰিচালনা কৰাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰে।

প্ৰেৰক আবুল কালাম

You might also like