নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় জেলত অমৃতপলক সাক্ষাৎ পত্নী কিৰণদ্বীপ কৌৰৰ

🔴পৰিয়ালক কোনো সামগ্ৰী কাৰাগাৰৰ ভিতৰলৈ নিব দিয়া নহল

🔴পঞ্জাবী ভাষাত লিখা এখন পত্ৰৰ ভাইৰেল

🔴সংবাদ মাধ্যমৰ পৰা বিৰত থাকিল পৰিয়াল

বিশেষ বাৰ্তা, ১৩ জুলাইঃ ৱাৰিছ পঞ্জাৱ ডিৰ মুৰব্বী অমৃতপল সিঙৰ পত্নী কিৰণদ্বীপ কৌৰে আজি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপলক সাক্ষাৎ কৰে।উল্লেখ্য যে পঞ্জাৱৰ মোগা জিলাৰ পৰা পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত ২৩ এপ্ৰিলৰ পৰা তিনি তৰপীয়া উচ্চ নিৰাপত্তাসম্পন্ন ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে উগ্ৰ খালিস্তানী সমৰ্থক নেতাগৰাকী।পাপলপ্ৰীত সিং আৰু দলজীত সিং কালসীকে ধৰি তেওঁৰ ঘনিষ্ঠ ৯গৰাকী সদস্যও ডিব্ৰুগড় কাৰাগাৰতে বন্দী হৈ আছে।অমৃতপলৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত গোচৰ ৰুজু হোৱাৰ উপৰি খালিস্তানৰ উগ্ৰ সমৰ্থকৰ লগতে প্ৰচাৰক আৰু তেওঁৰ সহযোগীসকলে অশান্তিৰ বিষবাস্প বিয়পোৱা, হত্যাৰ চেষ্টা, আৰক্ষী কৰ্মীক আক্ৰমণ কৰা আৰু চৰকাৰী কৰ্মচাৰীক বৈধভাৱে কৰ্তব্য পালন কৰাত বাধা দিয়াকে ধৰি কেইবাটাও অভিযোগৰ সন্মুখীন হোৱা বুলি সূত্ৰত প্ৰকাশ।ইফালে আজি অমৃতপালৰ পত্নী কিৰণদ্বীপ কৌৰৰ লগতে দলজিৎ সিং কালছিৰ পত্নী নীৰু কালছি আৰু তেওঁলোকৰ পুত্ৰ ছিমৰজীত সিং কালছিয়ে দুপৰীয়া ডিব্ৰুগড় কাৰাগাৰত উপস্থিত হয়। কেন্দ্ৰীয় কাৰাগাৰৰ গেটত বাধ্যতামূলক পৰীক্ষাৰ অন্তত তেওঁলোকক কাৰাগাৰৰ চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া হয়। অৱশ্যে কাৰাগাৰৰ নিয়ম অনুসৰি তেওঁলোকক জেলৰ ভিতৰত কোনো সামগ্ৰী কঢ়িয়াই নিবলৈ দিয়া নহ’ল।তেওঁলোকৰ এই ভ্ৰমণৰ সময়ত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ কাৰাগাৰত উপস্থিত থাকে।ৱাৰিছ পঞ্জাৱ দে নেতাসকলৰ পৰিয়ালৰ লোকে অৱশ্যে কাৰাগাৰৰ পৰা ওলাই আহি আজি সংবাদ মাধ্যমৰ সৈতে কথা পতাৰ পৰা বিৰত থাকে। উল্লেখযোগ্য যে যোৱা ৬ জুলাইত কিৰণদ্বীপ কৌৰে ডিব্রুগড় কাৰাগাৰলৈ পূর্ববর্তী ভ্ৰমণৰ পাছত অমৃতপল সিঙে লিখা বুলি দাবী কৰা চাৰি পৃষ্ঠাৰ এখন চিঠি ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্রচাৰ হৈছিল৷ তেতিয়া কিৰণদ্বীপ কৌৰে দাবী কৰিছিল যে তেওঁ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰ ভ্ৰমণৰ সময়ত অমৃতপল সিঙে নিজ হাতে লিখা চিঠিখন তেওঁক গতাই দিছিল। পঞ্জাবী ভাষাত লিখা আৰু ৫ জুলাইৰ এই পত্ৰখন শিখ সম্প্ৰদায়ক উদ্দেশ্যি লিখাৰ লগতে ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা তেওঁৰ নজন সহযোগীৰ স্বাক্ষৰ আছিল উক্ত চিঠিখনত। কিৰণদ্বীপ কৌৰক অমৃতপলে নিজ হাতে দিয়া বুলি দাবী কৰা পত্ৰখনত অমৃতপল সিঙে শিখ সম্প্ৰদায়ক আহ্বান জনাইছিল যে ভয়ংকৰ খালিস্তানী সন্ত্ৰাসবাদী অৱতাৰ খাণ্ডা আৰু হৰদীপ সিং নিজ্জাৰ “কুমি শ্বহীদ” (সম্প্ৰদায়ৰ শ্বহীদ)ৰ মৰ্যাদা প্ৰদান কৰক। যোৱা মাহত কানাডাত খালিস্তানী সন্ত্ৰাসবাদী অৱতাৰ খাণ্ডাৰ ব্ৰিটেইনৰ এখন চিকিৎসালয়ত ৰহস্যজনকভাৱে মৃত্যু হোৱাৰ চাৰিদিন পিছত হৰদীপ সিং নিজ্জাৰক গুলীয়াই হত্যা কৰা হৈছিল। ইফালে ডিব্ৰুগড়ৰ জিলা আয়ুক্ত (উপায়ুক্ত) বিশ্বজিৎ পেগুৱে এনে পত্ৰ সন্দৰ্ভত কোনো তথ্য থকাৰ কথা অস্বীকাৰ কৰি উল্লেখ কৰিছিল যে কাৰাগাৰৰ ভিতৰৰ পৰা যিকোনো ব্যক্তিক পত্ৰ প্ৰদান কৰিবলৈ হ’লে এটা নিৰ্দিষ্ট নিয়ম মানি চলিব লাগে। সেয়ে তেনে পত্ৰ দিয়াৰ কোনো তথ্য নাই। ইয়াৰ পূৰ্বে যোৱা ২০ জুনত জিলা আয়ুক্তগৰাকীয়ে ডিব্ৰুগড় কাৰাগাৰত থকা ৱাৰিছ পঞ্জাৱ দেৰ সদস্যসকলক সপ্তাহত এবাৰ পৰিয়ালৰ সদস্যক এটাকৈ ফোন কৰিবলৈ অনুমতি দিছিল।অমৃতপল সিঙৰ পত্নী কিৰণদ্বীপ কৌৰে ডিব্ৰুগড় কাৰাগাৰত থকা ৱাৰিছ পঞ্জাৱ দেৰ সদস্যসকলক পৰিয়াল আৰু তেওঁলোকৰ অধিবক্তাক ফোন কৰিবলৈ দিয়া হোৱা নাই বুলি দাবী কৰাৰ এদিন পিছতে এই পৰিস্থিতিৰ সৃষ্টি হৈছিল। আটকাধীন লোকসকলক যদি ফোন ক’বলৈ দিয়া হয় তেন্তে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে পঞ্জাৱৰ পৰা ডিব্ৰুগড়লৈ যোৱাৰ খৰচৰ আনুমানিক পৰিমাণৰ ২০ হাজাৰৰ পৰা ২৫ হাজাৰ টকা ৰাহি হ’ব বুলিও সেই সময়ত উল্লেখ কৰিছিল। আনহাতে অমৃত পলৰ পৰিয়ালে ডিব্ৰুগড় কাৰাগাৰৰ ভিতৰৰ সকলো খবৰ বহি:জগতত মুকলিকৈ প্ৰকাশ কৰা বা ভাইৰেল কৰাত কিছু বেমেজালিৰ সৃষ্টি হোৱাৰ বাবেই হয়তো পৰিয়ালে এইবাৰ সংবাদ মাধ্যমৰ পৰা আঁতৰি থকা বুলিও ব্যাপক চৰ্চা লভিছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like