নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহুৰ পিছত দিহানামেৰে বিশ্ব ৰেকৰ্ড গঢ়াৰ প্ৰস্তুতি

বিশেষ বাৰ্তা, ১৩ জুলাইঃ গুৰুজনাৰ কৃষ্টিৰাজি জিলিকিব বিশ্বৰ বুকুত। পুনৰ বিশ্ব ৰেকৰ্ড গঢ়িব অসমে। এইবাৰ বিহু নহয়। এইবাৰ দিহানামেৰে বিশ্ব ৰেকৰ্ড কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।চলিত বৰ্ষৰ ২৫ নবেম্বৰত অসমবাসীয়ে আকৌ বিশ্ব ৰেকৰ্ড গঢ়াৰ এক অভিনৱ পৰিকল্পনা কৰিছে। ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ এলেকাধীন কোটোহাত প্ৰায়ে পাঁচ শতাধিক আয়তীয়ে চলাইছে এই প্ৰয়াস। জানিব পৰা মতে এইবাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দিহানামক বিশ্বদৰবাৰত পৰিচয় কৰিবলৈ প্ৰস্তুতি চলাইছে অসমবাসীয়ে। ৬০ হাজাৰ নামতীৰ দ্বাৰা পৰিবেশিত মহাপুৰুষ গুৰুজনাৰ দিহানাম অন্তৰ্ভুক্ত হব বিশ্ব দৰবাৰত। ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫ শতাধিক নামতী একেলগ হৈ ডিব্ৰুগড়ৰ কোটোহাত নামতীসকলে চলাইছে দিহানামৰ প্ৰস্তুতি। সদৌ অসম শংকৰ মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ নেতৃত্বত অসমৰ প্ৰতিখন জিলাই জিলাই চলিছে ইয়াৰ ব্যাপক প্ৰস্তুতি। প্ৰায় ৫ হাজাৰ দিহানামৰ দলে অংশগ্ৰহণ কৰিব আৰু প্ৰতিটো দলত থাকিব ১২জনকৈ শিল্পী। ৬০ হাজাৰ শিল্পীৰ দ্বাৰা পৰিবেশিত দিহানামক অন্তৰ্ভূক্ত কৰিব বিশ্বদৰবাৰত। ইতিমধ্যে দিহানামৰ নামতী সকলৰ পঞ্জীয়নৰ কাম চলি আছে বুলি জানিবলৈ দিয়ে সদৌ অসম শংকৰ মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ বিষয়ববীয়া সকলে।ইয়াৰ বাবেও চৰকাৰৰ লগত আলোচনা চলি থকা বুলিও জানিব পৰা গৈছে। মুখ‍্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অনুমতিৰ পাছতেই অসমৰ প্ৰতিখন জিলাই জিলাই হব দিহানামৰ আখৰা। ইতিমধ্যে বিশ্ব ৰেকৰ্ডৰ বাবে প্ৰায় ৭০ শতাংশ প্ৰস্তুতি সম্পন্ন হৈছে বুলি জানিবলৈ দিয়ে সদৌ অসম শংকৰ মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ বিষয়ববীয়া সকলে। শংকৰ মাধৱ সাংস্কৃতিক দিহানাম সমিতিয়ে দিহানামেৰে বিশ্ব ৰেকৰ্ড গঢ়াৰ মানসেৰে দিহানাম পৰিবেশনৰ ক্ষেত্ৰত নিজৰ পৰিকল্পনাৰ প্ৰস্তুত কৰি তুলিছে বুলি জানিব পৰা গৈছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like