👉দুৱৰণী আলিৰ জিঅ’ই খন্দা প্ৰকাণ্ড গাঁত পুতিলে জিলা প্ৰশাসনে
👉ঘটনাস্থলীৰ পৰা ফাইভাৰ কেবোল বয়িং মেচিনসহ বলেৰ পিক আপ জব্দ
👉দুৰ্য্যোগ প্ৰশমণ আইনৰ অধীনত দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ
নিয়মীয়া বাৰ্তা, ১৩ জুলাই : লোক নিৰ্মাণ বিভাগৰ চকুৰ সন্মুখতেই অনুমতিবিহীনভাৱে ৰজাদিনীয়া দুৱৰণী আলিত ১৫ ফুট দৈঘ্যৰ অটল গহব্বৰ খন্দাক লৈ অঞ্চলজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰি থকাৰ মাজতেই আজি শিৱসাগৰ জিলা প্ৰশাসনে পুতিবলৈ সক্ষম হ’ল মৰণ ফাণ্ড সদৃৰ্শ প্ৰকাণ্ড গাঁতটো ৷ শিৱসাগৰ জিলা উপায়ুক্তৰ নিৰ্দেশত আজি পুৱাতেই আহি ঘটনাস্থলীত উপস্থিত হোৱা দণ্ডাধীশ সমজ্জুল বৰাৰ নেতৃত্বত লোক নিৰ্মাণ বিভাগৰ বিষয়া- অভিযন্ত্ৰাৰ ওপৰিও অগ্নিনিৰ্বাপক বাহিনী,অসম গেছ কোম্পানী, জয়সাগৰ আৰক্ষী, স্থানীয় গাওঁ বুঢ়া সহিতে এটা দলে গাঁতটো সম্পুৰ্ণৰূপে পুঁতিবলৈ সক্ষম হয় ৷ চক্ৰ বিষয়া তথা কাৰ্য্যবাহী দণ্ডাধীশ সমজ্জুল বৰাই ওৰে দিন সমগ্ৰ অভিযান তদাৰক কৰাৰ লগতে ঘটনাস্থলীত থকা এটা প্ৰকাণ্ড বয়িং মেচিন, বৃহৎ পৰিমাণৰ ফাইভাৰ কেবোল সহ বিভিন্ন যন্ত্ৰাংশৰ লগতে এখন বলেৰ পিক আপ গাড়ীও জব্দ কৰি জয়সাগৰ আৰক্ষীক চমজাই দিয়ে ৷অৱশ্যে জিলা প্ৰশাসনৰ তৰফৰ পৰা বাৰম্বাৰ কেবোল সংস্থাপিত কৰা জিঅ কোম্পানীৰ ঠিকাদাৰ গোষ্ঠীক ঘটনাস্থলীত উপস্থিত হবলৈ নিৰ্দেশ দিয়াৰ পিছতো ঠিকাদাৰ গোষ্ঠীয়ে ঘটনাস্থলীত উপস্থিত হয় প্ৰশাসনক সহযোগিতা কৰাৰ পৰিৱৰ্তে পলায়ন কৰাৰ খবৰে আন চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ইতিমধ্যে দীৰ্ঘ প্ৰায় তিনিটা মাহ ধৰি জিঅ কোম্পানীৰ ফাইভ জি কেবোল সংস্থাপনৰ নামত এফালৰ পৰা ৰজাদিনীয়া দুৱৰণী আলি খান্দি তহিলং কৰা জি অ কোম্পানীৰ কেবোল সংস্থাপনৰ কাম জিলা প্ৰশাসনে সাময়িক ভাৱে সেই অঞ্চলত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্য্যন্ত সম্পুৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷উল্লেখ্য যে, আহোম ঐতিহ্য বুকুত সামৰি ৰখা ৰজাদিনীয়া দুৱৰণী আলিকে ধৰি সৰ্বমুঠ ২১ কিলোমিটাৰ দৈঘ্যৰ পথত জিঅ কোম্পানীয়ে ফাইভ জি কেবোল সংস্থাপনৰ বাবে গৌতম বড়ো নামৰ এগৰাকী ঠিকাদাৰক দায়িত্ব অৰ্পন কৰা হৈছিল ৷জিলা প্ৰশাসনৰ তৰফৰ পৰা বৈধ কোনো ধৰণৰ অনুমতি নোহোৱাকৈ সুদীৰ্ঘ তিনি মাহে সমগ্ৰ দুৱৰণী আলিটো খান্দি তহিলং কৰা ঠিকাদাৰ গোষ্ঠীৰ প্ৰকৃত স্বৰূপ কালি পোহৰলৈ আনিছিল স্থানীয় ৰাইজে ৷বগী দ’ল পাঁচ আলিৰ পৰা ৰংঘৰ ছাৰিআলি পৰ্য্যন্ত সমগ্ৰ পথচোৱাত কেবোল সংস্থাপনৰ নামত শতাধিক প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি কৰা ঠিকাদাৰ গোষ্ঠীয়ে দুৱৰণী আলিৰ মাজ ভাগতেই ১৫ ফুটতকৈও অধিক গভীৰতাৰ এটা প্ৰকাণ্ড গাঁত খন্দাৰ পিছতেই ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷লগে লগেই ৰাইজে তৎপৰতাৰে জিলা প্ৰশাসনক অৱগত কৰাত প্ৰশাসন-আৰক্ষীয়ে উক্ত স্থানৰ পৰা গাঁত খান্দি থকা অৱস্থাত বোকাৰে লুতুৰি পুতুৰি পাঁচ টাকৈ শিশু শ্ৰমিকক উদ্ধাৰ কৰিছিল৷ এই ঘটনাৰ পিছতেই সেই স্থানত থকা আন শ্ৰমিক সকলৰ লগতে দায়িত্বত থকা মহৰী গৰাকীয়েওঁ গাঁত তেনেকৈয়ে এৰি পলায়ন কৰে ৷ইফালে মূখ্য ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশক ভৰিৰে মোহাৰি মৰণ ফান্দ সদৃশ অটল গহব্বৰ স্বৰূপ ১৫ ফুট গভীৰতাৰ উন্মুক্ত গাঁতটোক লৈ জিলা প্ৰশাসনৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ৷ স্পৰ্শকাতৰ বিষয়টোক লৈ জিলা উপায়ুক্তই নিশাই সংশ্লিষ্ট বিষয়া বৰ্গত বিহিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ পিছতেই ওৰে নিশা জিলা প্ৰশাসন-জয়সাগৰ আৰক্ষী, স্থানীয় গাও প্ৰধান জালালুদ্দিন আহমেদে গাতটোৰ পহৰাৰ ব্যৱস্থা কৰে ৷আনহাতে পুঁৱাতেই দুৱৰণী আলিৰ ঘটনাস্থলীত উপস্থিত হোৱা দণ্ডাধীশ সমজ্জুল বৰাই ১৫ ফুট গভীৰতাৰ উন্মুক্ত তথা নিশাৰ দোপালপিটা বৰষুণত পানীৰে উপচি পৰা গাঁতটোত বেঁকা হৈ থকা উচ্চ চাপ পৰিবাহী গেছ পাইপ প্ৰতক্ষ্য কৰি স্তম্ভিত হৈ পৰে৷ লগে লগেই জৰুৰীকালিনভাৱে ঘটনাস্থলীলৈ অগ্নিনিৰ্বাপক বাহিনী, অসম গেছ কোম্পানীৰ কৰ্মচাৰী,দুৰ্য্যোগ প্ৰশমণ বিভাগ, আৰক্ষী বাহিনী,লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰীক মোতায়েন কৰি সুৰক্ষা ব্যৱস্থা কৰে ৷ প্ৰশাসনৰ তৰফৰ পৰা দুৱৰণী আলিত এনেদৰে কেবোল সংস্থাপনৰ নামত বয়িং কৰাৰ কোনো লিখিত নিৰ্দেশনা নিদিয়াৰ কথা স্পষ্ট কৰি দিয়ে৷ আন নালাগে যমুনা ৰোডৰ শেহতীয়া গেছ পাইপ লাইনৰ বিধংসী অগ্নিকাণ্ডৰ ঘটনাই সৃষ্টি কৰা ধংস লীলা আৰু নিৰীহৰ অকাল মৃত্যুৰ ঘটনাই জোকাৰি থকাৰ সময়তেই পুণৰ অনুৰূপ ঘটনা ঘটাৰ উপক্ৰম হোৱা পৰিলক্ষিত হৈ দণ্ডাধীশে তাৎক্ষনিকভাৱে কামৰ দায়িত্বত থকা কৰ্মচাৰী, ঠিকাদাৰক দূৰ্য্যোগ প্ৰশমন আইনৰ অধীনত আৰক্ষীক গ্ৰেপ্তাৰৰ বাবে নিৰ্দেশ দিয়ে৷ অৱশ্যে নীতি বৰ্হিভূত ভাৱে পথ ধংস কৰি জি অৰ ঠিকাদাৰ গোষ্ঠীয়ে পলায়ন কৰা বাবে ঘটনাস্থলীৰ পৰা মাত্ৰ দুজন কৰ্মচাৰীক আটক আৰু বয়িং মেচিন, এখন বলেৰ পিক আপ, যন্ত্ৰাংশ, ফাইবাৰ কেবোল জব্দ কৰি থানালৈ লৈ যায় ৷ ইয়াৰ পিছতেই লোক নিৰ্মাণ বিভাগৰ বিষয়াৰ উপস্থিতিত ব্যস্ত দুৱৰণী আলিৰ প্ৰকাণ্ড গাঁতটো বিভাগৰ কাৰিকৰী দলে জেচিবি মেচিন, ডাম্পাৰৰ সহায়ত বালি, চেণ্ড গ্ৰেভেলেৰে সম্পুৰ্ণৰূপে পুঁতি দিয়াৰ লগতে কালিৰে পৰা জিঅই উন্মুক্ত কৈ এৰি থৈ যোৱা দুৱৰণী আলিৰ সকলো গাঁত পুঁতাৰ নিৰ্দেশ দিয়ে ৷ স্মৰ্তব্য যে, ১৫ ফুটতকৈও অধিক গভীৰতাৰ গাঁতটোৰ একেবাৰে তলত যি সময়ত পাঁচোটাকৈ শিশু শ্ৰমিকে মাটি খনন চলাই আছিল সেই সময়ত শিশু শ্ৰমিক কেইটাৰ মূৰৰ ১০ ফুট উচ্চতাই দি পাৰ হৈ গৈছিল উচ্চ চাপ পৰিবাহী গেছ পাইপ লাইণ৷ কোনো ধৰণৰ অগ্নি নিৰ্বাপনৰ সজুলী, সুৰক্ষা ব্যৱস্থা নোহোৱাকৈ চলাই থকা এই নীতি বৰ্হিভূত খননৰ সময়ত যদিহে কিবা কাৰণত যমুনা ৰোডৰ দৰে ঘটনা সংঘটিত হ’ল হেতেন তেন্তে নিশ্ছিত ভাৱে গাঁতৰ ভিতৰতেই পাঁচোটি শিশু শ্ৰমিক জ্বলি চাই হৈ যোৱাৰ লগতে এটা বৃহত অঞ্চলত গেছৰ জুইয়ে ধংস লীলাৰ সৃষ্টি কৰিলেহেতেন ৷ কিন্তু সৌভাগ্য বশত এনে ঘটনা ঘটাৰ পুৰ্বেই স্থানীয় ৰাইজে তৎপৰতাৰে প্ৰশাসনক অৱগত কৰাত ভয়ানক এক দুৰ্য্যোগৰ পৰা ৰক্ষা পৰে শিশু শ্ৰমিক কেইটাৰ লগতে স্থানীয় ৰাইজ ৷ সচেতন ৰাইজে শীঘ্ৰে জিলা উপায়ুক্তক ঘটনাস্থলী পৰিভ্ৰমণ কৰি সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তি আৰু উন্মুক্ত গাঁতসমুহ পোতাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান