নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৪ জুলাই, আহাৰ মাহৰ ২৮ তাৰিখ
শুকুৰবাৰ : তিথি–কৃষ্ণা দ্বাদশী, নক্ষত্র : ৰোহিণী, যাত্রা : নাই

মেষ : যিকোনো কামে ভাবি–চিন্তি কৰক ৷ বাঞ্ছিত ফল লাভত বাধা পাব ৷ ঘৰুৱা সিদ্ধান্ত লোৱাত গুৰুজনৰ লগত আলোচনা কৰক ৷ বিদ্যাত সিমান নিৰাশ নহ’ব ৷ শুভ ৰং বগা, শুভ সংখ্যা ৩ ৷
বৃষ : অন্তৰংগ বন্ধু–বান্ধৱীৰ লগত আনন্দ ৷ কর্মবোজা পৰিলেও কিছু নিয়ন্ত্রণ কৰক ৷ প্রেম–প্রীতিত খুব বেয়া নহ’ব ৷ ব্যৱসায়ত শুভ ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৪ ৷
মিথুন : আর্থিকত বেয়া দেখা নাযায় ৷ সাধাৰণ খৰচ–পাতি অৱশ্যে বৃদ্ধি হোৱাৰ সম্ভাৱনা ৷ বিদ্যাত সাধাৰণ উন্নতি ৷ শুভ ৰং কমলা, শুভ সংখ্যা ২ ৷
কর্কট : কর্মক্ষেত্রত নিজৰ দায়িত্ব সম্পর্কে সচেতন হওক ৷ খৰচ বৃদ্ধি পাব ৷ সাধাৰণ শৰীৰৰ দুশ্চিন্তা ৷ দাম্পত্যত মোটামুটি সুখৰ কাৰক ৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৮ ৷
সিংহ : নতুন আশাৰে আনৰ লগত কথা পাতি সুখ পাব ৷ দিনটোত ব্যৱসায়ীসকল লেনদেন কৰোঁতে সাৱধান হ’ব ৷ আর্থিক দিশত ধন হানিৰ যোগ ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৭ ৷
কন্যা : মজলীয়াভাৱে দিনটো পাৰ হ’ব ৷ হঠাৎ কাৰোবাৰ লগত মতান্তৰ সৃষ্টি হ’ব পাৰে ৷ বিদ্যাত মধ্যম ৷  ভ্রমণাদিত আর্থিক হানিৰ যোগ ৷ আলহীৰ আগমন ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৮ ৷
তুলা : পৰাপক্ষত কাকো কঠোৰ বাক্য ব্যৱহাৰ নকৰিলে দিনটোত উন্নত ফল পাব ৷ ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া ৷ যাত্রাদিত বাধাপ্রাপ্ত হ’ব ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫ ৷
বৃশ্চিক : ওলোটা ভাবে আপোনাক আমনি দিব অথবা কর্মত ব্যাঘাত আনিব ৷ আনৰ কথাত বেছি প্রাধান্য নিদিব ৷ বিদ্যাত শুভ ৷ দাম্পত্যত বিৰোধ ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ১১ ৷
ধনু : অকাৰণ বা কাৰণতেই হওক কোনোৰ লগত মত বিৰোধ হোৱাৰ আশংকা ৷ লেনদেনত সাৱধান থাকক ৷ শৰীৰ ভালেই বুলিব পাৰি ৷ ঘৰুৱা দিশত দুশ্চিন্তা নাই ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৯ ৷
মকৰ : দিনটোত অলপ সাৱধানে চলিবলৈ চেষ্টা কৰক ৷ নতুন কোনো যোগাযোগত উৎসাহিত ৷ শৰীৰত পুৰণি বেমাৰে আমনি কৰিব ৷ বন্ধুবর্গৰ প্রতি সাৱধান ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১ ৷
কুম্ভ : মজলীয়া হ’লেও উন্নত ৷ দূৰ যোগাযোগত বাধাপ্রাপ্ত পেটৰ অসুখৰ কাৰক ৷ বিদ্যাত নিৰাশ নহ’ব ৷ ব্যৱসায়ত ঋণৰ কাৰকতা ৷ শুভ ৰং বগা, শুভ সংখ্যা ৩ ৷
মীন : আর্থিক দিশত আয় বৃদ্ধিৰ কাৰকতা ৷ কর্মক্ষেত্রত সৰু–সুৰা বাধাৰ মাজেদি অগ্রসৰ হ’ব লাগিব ৷ বিদ্যাত মধ্যম ৷ প্রেমত শুভ ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৬ ৷

You might also like