দেশত তিনি মাহত খাদ্য সামগ্রীৰ আকাশলংঘী দামবৃদ্ধি
🔹 জুনত মুদ্রাস্ফীতি বাঢ়িল ৪.৮১ শতাংশলৈ
বিশেষ বাৰ্তা, ১৪ জুলাই : তিনি মাহত দামবৃদ্ধি সর্বাধিক হৈছে ৷ অলপতে প্রকাশিত চৰকাৰী তথ্য অনুসৰি খুচুৰা পণ্যৰ মুদ্রাস্ফীতি (ইনফ্লেছন) জুনত তিনি মাহৰ ভিতৰত সর্বোচ্চ ৪.৮১ শতাংশলৈ বৃদ্ধি পাইছে ৷ প্রাথমিকভাৱে খাদ্য সামগ্রীৰ দামবৃদ্ধিকে ইয়াৰ বাবে জগৰীয়া কৰা হৈছে ৷ বজাৰত বিগত এমাহ ধৰি সমস্ত খাদ্য সামগ্রীৰ দাম ঊর্ধ্বমুখী হৈছে৷ চাউল, দাইল আদিৰো দাম অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ৷ ইয়াৰ পূর্বে মে’ মাহত মুদ্রাস্ফীতিৰ হাৰ আছিল ৪.৩১ শতাংশ ৷ অর্থাৎ মাত্র তিনি মাহত প্রায় ৫০ শতাংশ বৃদ্ধি পাইছে মুদ্রাস্ফীতি ৷ কিন্তু এইক্ষেত্রত বিশেষ উদ্বেগৰ কাৰণ নাই বুলি দাবী কৰিছে কেন্দ্রীয় চৰকাৰে ৷ চৰকাৰৰ দাবী অনুসৰি মুদ্রাস্ফীতি বৃদ্ধিৰ হাৰ নিয়ন্ত্রণৰ ভিতৰতে আছে৷ বিশেষজ্ঞসকলৰ মতে, খাদ্য শস্য আৰু দাইলৰ দামবৃদ্ধিৰ বাবে মুদ্রাস্ফীতি বাঢ়িছে ৷ জুন মাহত খাদ্য পণ্যৰ দামবৃদ্ধিৰ যি পৰিসংখ্যা পোহৰলৈ আহিছে, সেয়া অকল্পনীয়৷ জুন মাহত খাদ্যশস্যৰ দামবৃদ্ধি হৈছে ৪.৫ শতাংশ ৷ ইয়াৰ পূর্বৰ মাহত এই দামবৃদ্ধিৰ হাৰ আছিল ২.৯৬ শতাংশ ৷ বজাৰত খাদ্যশস্য, বিশেষকৈ কেঁচা শাক–পাচলিৰ দাম ইমানে বৃদ্ধি পাইছে যে মধ্যবিত্তৰ পক্ষে সেয়া চিন্তাৰ কাৰণ হৈ পৰিছে ৷ বহু ক্রেতাই বজাৰলৈ গ’লে দামী শাক–পাচলি ক্রয় কৰাৰ পৰা বিৰত থাকিবলগীয়া হৈছে৷ কেঁচা শাক–পাচলিৰ দামবৃদ্ধি বিষয়টো চৰকাৰে মানি লোৱাৰ উপৰি সাধাৰণ জনতাক সকাহ দিবলৈ উদ্যোগী হৈছে কেন্দ্রীয় উপভোক্তা বিষয়ক বিভাগ ৷ ইতিমধ্যে বিভাগটোৱে ৰাষ্ট্রীয় সমবায় উপভোক্তা ফেডাৰেচন আৰু ৰাষ্ট্রীয় কৃষি সমবায় বিপণন পৰিষদক অত্যধিক দামবৃদ্ধি হোৱা শাক–পাচলি কৃষকৰ পৰা প্রত্যক্ষভাৱে ক্রয় কৰি নিজাববীয়াকৈ বিক্রী কৰিবলৈ নির্দেশ দিছে৷ বিশেষকৈ বিলাহীকে ধৰি দামী শাক–পাচলিবোৰ বজাৰত অধিক হাৰত যোগান ধৰিলে দাম হ্রাস পাব বুলি মত প্রকাশ কৰিছে কেন্দ্রীয় চৰকাৰে৷