মহানগৰ বাৰ্তা, ১৪ জুলাই : নাৰেংগী ছাত্ৰ সন্থাৰ উদ্যোগত নাৰেংগীত আজি মনচুন বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। আছুৰ দল এটাই প্ৰথমে নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয় চৌহদত বিভিন্ন ধৰণৰ মূল্যৱান গছপুলি ৰোপণ কৰে। তাৰ পিছতে গছ সংৰক্ষণৰ বাবে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখি নাৰেংগীৰ ডিভাইডাৰৰ গছত চিত্ৰৰ জৰিয়তে এক সজাগতামূলক কাৰ্যসূচী সম্পন্ন কৰে। উল্লেখ্য যে নাৰেংগী আছুই এক গ্ৰীষ্মকালীন চিত্ৰাংকন প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। এই প্রশিক্ষাৰ্থীসকলৰ দ্বাৰা আজিৰ এই সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত নাৰেংগী ছাত্ৰ সন্থাৰ সভাপতি দীপজ্যোতি কলিতা, ভাৰপ্ৰাপ্ত সম্পাদক অভিনৱ কুমাৰ, নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ৰ লখিমী গগৈ, প্ৰানজিত ভাগৱতী আৰু সমাজকৰ্মী প্ৰদীপ কলিতা উপস্থিত থাকে।
প্ৰেৰক বিভাষ দাস