নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাৰ প্ৰবীণ গ্ৰন্থ প্ৰকাশক-“কিতাপ ঘৰ”ৰ স্বত্বাধিকাৰ গিৰিজা কুমাৰ শৰ্মাৰ বিয়োগ

নিয়মীয়া বাৰ্তা,  ১৪ জুলাই : পাঠশালাৰ গ্ৰন্থ বিপ্লৱৰ অন্যতম যোদ্ধা, প্ৰবীণ গ্ৰন্থ প্ৰকাশক, গ্ৰন্থ বিক্ৰেতা, পাঠশালাৰ ঐতিহ্যমণ্ডিত গ্ৰন্থ বিপণী “কিতাপ ঘৰ”ৰ স্বত্বাধিকাৰী, সমাজসেৱী, অৱসৰপ্ৰাপ্ত বিষয়া গিৰিজা কুমাৰ শৰ্মাৰ আজি ৮৩ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটা খবৰে বজালীত শোকৰ ছাঁ পেলাইছে ৷ উল্লেখ্য যে পাঠশালাৰ সমীপৱৰ্তী ৰায়পুৰ ভাগৱতীপাৰা নিৱাসী শৰ্মাই বিগত কিছু বছৰ ধৰি হৃদৰোগত আক্ৰান্ত হৈ নতুন দিল্লীত চিকিৎসাধীন হৈ আছিল যদিও তিনিদিন পূৰ্বে নিজ গৃহলৈ উভতি আহে আৰু আজি পুৱা প্ৰায় দহ বজাত নিজ গৃহতে তেওঁৰ দেহাৱসান ঘটে ৷ অসম চৰকাৰৰ পৰিসংখ্যা বিভাগৰ পৰিদৰ্শক হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা, সদায়ে কৰ্মক অগ্ৰাধিকাৰ দিয়া, অতি কৰ্মপটু, শ্ৰমৰ মোল বুজা এগৰাকী অত্যুৎসাহী ব্যক্তি শৰ্মাই আশী বছৰ বয়সতো কান্ধত গ্ৰন্থৰ টোপোলা দাঙি দোকানে দোকানে বিতৰণ কৰি কৰ্মপটুতাৰ উদাহৰণ দাঙি ধৰিছিল৷ উল্লেখ্য যে বিগত শতিকাৰ চল্লিশৰ দশকতে তেওঁৰ পিতৃ বানেশ্বৰ দাসে পাঠশালা নগৰত “কিতাপ ঘৰ” নামেৰে এখন কিতাপৰ বিপণী স্থাপন কৰাত পৰৱৰ্তী সময়ত বিপণীখনৰ সতে জড়িত হৈ গিৰিজা কুমাৰ শৰ্মাই গ্ৰন্থ বিক্ৰীৰ লগতে গ্ৰন্থ প্ৰকাশনতো মনোনিৱেশ কৰি কেইবাখনো গ্ৰন্থ প্ৰকাশেৰে অসমীয়া গ্ৰন্থ-সাহিত্যৰ জগতলৈ অনবদ্য অৱদান আগবঢ়ায় ৷ বজালীৰ লগতে বৰপেটা, নলবাৰী, বাক্সা, বঙাইগাঁও, কামৰূপ, ওদালগুৰি আদি বিভিন্ন জিলাত গ্ৰন্থ, বিভিন্ন আলোচনী, বাৰ্তালোচনী আদি বিতৰণৰ ব্যৱস্থা কৰি অসমৰ গ্ৰন্থ আন্দোলনত তাহানিতে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলশৰ্মাই ৷ বিভিন্ন সামাজিক কামৰে জড়িত অসম, ভাৰত তথা বিশ্ব সাহিত্যৰো জ্ঞানৰ এক অসীম ভাণ্ডাৰস্বৰূপ প্ৰয়াত শৰ্মা এগৰাকী অধ্যয়নশীল ব্যক্তি আছিল৷ গ্ৰন্থ অধ্যয়নৰ প্ৰতি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে অসমৰ বিভিন্ন প্ৰান্তত গ্ৰন্থমেলাত বিভিন্ন সময়ত গ্ৰন্থ বিপণনৰ ব্যৱস্থা কৰা শৰ্মাক ২০১৮ বৰ্ষত সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই গ্ৰন্থ প্ৰকাশ আৰু বিক্ৰীৰে অসমৰ গ্ৰন্থ আন্দোলনলৈ নীৰৱে সেৱা আগবঢ়োৱা এগৰাকী গুণী তথা প্রতিষ্ঠিত গ্রন্থ প্রকাশক হিচাপে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনায় ৷ মৃত্যুৰ সময়ত পত্নী, দুগৰাকী পুত্ৰ-বোৱাৰী, দুগৰাকী জী-জোঁৱাই, নাতি-নাতিনী সমন্বিতে অনেক আত্মীয়ক ইহসংসাৰত এৰি যোৱা শৰ্মাৰ শৱদেহ আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰাখি কাইলৈ দিনৰ ভাগত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হব৷ তেওঁৰ মৃত্যুত পাঠশালা বজাৰ কমিটী, বজালী গ্ৰন্থ বিক্ৰেতা সন্থা, পাঠশালা চেম্বাৰ্চ অৱ কমাৰ্চ, পাঠশালা প্ৰেছ ক্লাৱ, বজালী জিলা সাংবাদিক সন্থা, বজালী জিলা বাৰ্তাজীৱী সন্থা, পাঠশালা ৰাইটাৰ্চ ফৰাম আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিয়ে শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
প্ৰেৰক কল্যাণ কলিতা

You might also like