দাম কমিল বিলাহীৰ !
বিশেষ বাৰ্তা, ১৬ জুলাই : শেহতীয়াকৈ সমগ্ৰ দেশতে আকাশলংঘী হৈছে বিলাহীৰ দাম। শনিবাৰে দিল্লীৰ পাইকাৰী বজাৰত বিলাহীৰ দাম প্ৰতি কেজিত ২৫০ টকা অতিক্ৰম কৰে। ধাৰাসাৰ বৰষুণৰ ফলত উৎপাদন হ্ৰাস হোৱা বুলি বিশেষজ্ঞৰ দাবী। তাৰ বাবেই বিলাহীৰ যোগান ক্ৰমান্বয়ে কমি আহে। সেয়ে বিগত কিছুদিনত বিলাহীৰ দাস অত্যধিক বৃদ্ধি পাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত দেওবাৰে কেন্দ্ৰই ৰাজসাহায্যযুক্ত বিলাহীৰ দাম প্ৰতি কেজিত আৰু ১০ টকা হ্ৰাস কৰাৰ সিদ্ধান্ত ঘোষণা কৰে। ফলত চৰকাৰী বিপণীৰ পৰা বিলাহী প্ৰতি কেজি ৮০ টকাৰ দৰত ক্ৰয় কৰিব পাৰিব। এক চৰকাৰী বিবৃতিত গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব ৰোহিত কুমাৰ সিঙে কয় যে চৰকাৰী হস্তক্ষেপৰ পিছত পাইকাৰী বজাৰত বিলাহীৰ দাম হ্ৰাস পাইছে। সেয়ে দাম পুনৰীক্ষণ কৰাৰ পাছত চৰকাৰী বিপণীত বিলাহীৰ দাম প্ৰতি কেজিত ৮০ টকা কৰা হৈছে। দেওবাৰৰ পৰা কাৰ্যকৰী হ’ব এই নতুন দাম। তেওঁ লগতে কয় যে বৰ্তমান দিল্লী, নয়ডা, লক্ষ্ণৌ, কানপুৰ, বাৰাণসী, পাটনা, মুজাফ্ফৰপুৰ আদি ঠাইত বিলাহী বিক্ৰী হৈ আছে। অনাগত দিনত আৰু অধিক চহৰত এই সেৱা বিয়পিব বুলিও দাবী কৰে সচিবগৰাকীয়ে। উল্লেখ্য যে দিল্লীকে ধৰি সমগ্ৰ দেশৰ ৫০০খন বিপণীত ৰাজসাহায্যযুক্ত দামত বিলাহী বিক্ৰীৰ পৰিকল্পনা কৰিছে।