খৰখেদাকৈ খালী কৰিলে বন্দে ভাৰত এক্সপ্ৰেছ
বিশেষ বাৰ্তা, ১৭ জুলাই : বন্দে ভাৰত এক্সপ্ৰেছৰ এটা দবাত অগ্নিকাণ্ড সংঘটিত হয়। সোমবাৰে পুৱা ভূপালৰ পৰা দিল্লী অভিমুখে গৈ আছিল ৰে’লখন। হঠাৎ ৰে’লখনৰ এটা দবাত জুই লাগে। মধ্যপ্ৰদেশৰ কুৰৱাই কেথোৰা অঞ্চলত সংঘটিত হয় এই ঘটনা। অগ্নিকাণ্ডৰ তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী সেই স্থানত উপস্থিত হয়। যাত্ৰীসকলক খৰখেদাকৈ ৰে’লখনৰ পৰা বাহিৰ কৰা হয় । এই বাতৰি লিখা সময়লৈকে কোনো হতাহতৰ খবৰ পোৱা হোৱা নাই। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে ৰে’লৱেই এক বিবৃতিত কয় যে বন্দে ভাৰত এক্সপ্ৰেছত থকা বেটাৰী বাকচত অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ লোকে সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপণ কৰে। বেটাৰীৰ বাকচটোত অগ্নিকাণ্ড দেখা গৈছিল যদিও জুই কেনেকৈ লাগিল, সেয়া স্পষ্ট নহয়। ৰে’লৱেৰ সূত্ৰ অনুসৰি তদন্ত অব্যাহত আছে। ভূপাল-দিল্লী অভিমুখী বন্দে ভাৰত ৰে’লখনে চাৰে সাত ঘণ্টাত ৭০১ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে।