নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰক্ষেত্ৰীত ব্ৰহ্মপুত্ৰৰ মথাউৰি সংকটত

🔴 আৰক্ষীও নামিল খহনীয়া ৰোধত
নিয়মীয়া বাৰ্তা, ১৮ জুলাই :  মহাবাহু ব্ৰহ্মপুত্ৰৰ সংহাৰী ৰূপত তীব্ৰ ভাবুকি আহিছে নলবাৰী জিলাৰ বৰক্ষেত্ৰীবাসীলৈ। সংকটত ব্ৰহ্মপুত্ৰৰ মথাউৰি। যিকোনো মুহূৰ্তত ছিগিব পাৰে  ব্ৰহ্মপুত্ৰৰ মথাউৰি। আজি পুৱাৰে পৰা বৰক্ষেত্ৰীৰ লাৰকুছিত ভয়াৱহ হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়া। ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াই ইতিমধ্যে মথাউৰিৰ আধা অংশ খহাই নিছে। আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজৰ লগতে নিকটৱৰ্তী কেইবাখনো গাঁৱৰ ৰাইজ। পুৱাই মথাউৰি খহি যোৱা খবৰত ভীতিগ্ৰস্ত হৈ খহনীয়াস্থলীত ভিৰ কৰে বিভিন্ন গাঁৱৰ লোকে । ইতিমধ্যে খহনীয়াস্থলীত বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কৌস্তভ ৰয়, দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন ডেকাসহ আৰক্ষীৰ এটি বৃহৎ দল উপস্থিত হৈ জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীসহ খহনীয়া ৰোধৰ আপ্ৰাণ চেষ্টা চলায় । স্থানীয় ৰাইজৰ সহযোগত ক্ষিপ্ৰ গতিত মথাউৰি মেৰামতিৰ কাম আৰম্ভ কৰিছে বিভাগীয় কৰ্তৃপক্ষই। চক্ৰ বিষয়া কৌস্তভ ৰয়ে ৰাইজক শংকিত নহ’বলৈ আহ্বান জনাইছে। প্ৰশাসনে পৰিস্থিতিৰ স’তে মোকাবিলা কৰি থকা বুলিও মন্তব্য কৰে চক্ৰ বিষয়াই। আনহাতে, স্থানীয় ৰাইজে লাৰকুছিৰ মথাউৰিটো সুৰক্ষিত কৰি ৰাখিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰ তথা বিভাগীয় মন্ত্ৰীলৈ আহ্বান জনাইছে। মথাউৰিৰ ভগ্নস্থলী পৰিদৰ্শন কৰে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তথা বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাই।
প্ৰেৰক তফিকুৰ ৰহমান
You might also like