নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিত ৰিতম পুথিভঁৰাল উদ্বোধন 

বিশেষ বাৰ্তা, ১৮ জুলাইঃ এটা পুথিভঁৰাল জন্ম পোৱা মানে এখন জ্ঞানৰ পৃথিৱীৰ লগত সম্পৰ্ক কৰা। এখন কিতাপৰ জন্ম দিয়া মানে এটা অপসংস্কৃতিৰ বিৰুদ্ধে যুঁজ দিয়া।শুৱালকুছিত ৰিতম পুথিভঁৰাল উদ্বোধনত কৰি এই মন্তব্য কবি নীলিম কুমাৰে। তেওঁ পুনৰ কয় যে ফেচবুক ইন্টাৰনেটৰ দৌৰত লাহে লাহে যুৱ প্ৰজন্ম হেৰাই যাৱ খোজা সময়তে শুৱালকুছিত এজন শিক্ষকে নিজ প্ৰচেষ্টাত নিৰ্মাণ কৰিলে এটা পুথিভঁৰাল। ৰিতম পুথিভঁৰাল নামৰে সাজি উলিওৱা এই পুথিভঁৰালটোৱে যুৱপ্ৰজন্মৰ কবি আৰু লেখক-লেখিকাসকলৰ বাবে যথেষ্ট সহায়ক হব বুলি কবি নীলিম কুমাৰে ভাষণত উল্লেখ কৰে ৷ উল্লেখ্য যে একমাত্ৰ পুত্ৰৰ অকাল বিয়োগৰ পিচতে পুত্ৰৰ স্মৃতি সজীৱ কৰি ৰক্ষাৰ উদ্দেশ্য সাজি উলিওৱা হয় এই পুথিভঁৰালটো। উদ্বোধনী অনুষ্ঠানত পুথিভঁৰালটিৰ স্বত্বাধিকাৰী তথা অংকুৰ শিশু সদনৰ অধ্যক্ষ বিকাশ কলিতা, কবি প্ৰাণজিৎ মহন্ত প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট নাগৰিক উপস্থিত থাকে৷ ৰাইজৰ বাবে পুথিভড়ালটো মুকলি কৰি দিয়া অনুস্হানত কেইবাটিও কবিতা পাঠ কৰা হয় । বিকাশ কলিতাই নিজৰ সাঁচতীয়া ধনৰে নিৰ্মাণ কৰা এই পুথিভঁৰালটোত শিশুৰ পৰা আৰম্ভ কৰি সকলো স্তৰৰে পুথি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। শুৱালকুছিৰ বৌদ্ধিক জগতখনত এই পুথিভঁৰালটিয়ে এক বিশেষ মাত্ৰা প্ৰদান কৰিব বুলি উপস্থিত সকলোৱে মতামত ব্যক্ত কৰে ৷

প্ৰেৰক দিলীপ মেধি

You might also like