নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাৰমতী আঞ্চলিক বন বিভাগৰ মাটি মাফিয়াৰে মিতিৰালিৰ অভিযোগ

🔹 ছাত্ৰ সন্থাৰ স্মাৰক-পত্ৰ ল’বলৈ অস্বীকাৰ বিভাগৰ
নিয়মীয়া বাৰ্তা, ২০ জুলাই : বিগত বহুদিনৰ পৰা সীমান্তৱৰ্তী বান্দৰদেৱাত পাহাৰ খন্দা কাৰ্য অব্যাহত আছে, যাৰ বাবে দাঁতিকাষৰীয়া ব্যৱসায়ী, ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৷ ইয়াকে লৈ  লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী হাৰমতী আঞ্চলিক ছাত্ৰ সন্থাই কালি হাৰমতী বন সংমণ্ডলত স্মাৰক-পত্ৰ প্ৰদান কৰিবলৈ যাওঁতে হাৰমতী বন সংমণ্ডলৰ বন বিষয়া কাৰ্যালয়ৰ বিষয়া মঞ্জিত দত্তই হাৰমতী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক সমন্বিতে যোৱা ছাত্ৰ সন্থাৰ সঁজাতী দলটোৰ পৰা স্মাৰক-পত্ৰ লবলৈ অস্বীকাৰ কৰে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, হাৰমতী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক ক্ৰমে ৰঞ্জিত স্বৰ্গীয়াৰী আৰু পংকজ ভৰালীয়ে জনোৱা অনুসৰি, অৰুণাচল প্ৰদেশৰ বান্দৰদেৱা অঞ্চলত যাৱতীয় নথি-পত্ৰ অবিহনে বিভিন্ন অংশৰ পাহাৰ খনন কৰা কাৰ্যৰ লগতে ইয়াৰ মাটি হাৰমতী, পথালি পাহাৰ, লালুক, নাৰায়ণপুৰ, বিহপুৰীয়া আদি অঞ্চললৈ সৰবৰাহ কৰাৰ বিৰূদ্ধে হাৰমতী আছুৱে উদ্বেগ প্ৰকাশ কৰিছে ৷ কিয়নো এই পাহাৰ খনন কাৰ্যই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ লগতে বাৰিষা বোকাপানীয়ে বান্দৰদেৱাৰ ব্যবসায়িক প্ৰতিষ্ঠানত সোমাই বিস্তৰ ক্ষতিসাধন কৰি আহিছে ৷ এই ক্ষেত্ৰত অৰুণাচল প্ৰদেশৰ বন বিভাগৰ যথেষ্ট কৰণীয় থকাৰ লগতে অসমৰ বন বিভাগে ইয়াৰ মাটি ব্যৱহাৰ কৰিবলৈ অনুমতি দি মাটি মাফিয়াৰ লগত মিতিৰালি কৰাত স্থানীয় দল-সংগঠন জাঙুৰ খাই উঠিছে ৷ এইক্ষেত্ৰত বনমন্ত্ৰীৰ লগতে লখিমপুৰ জিলা বন বিষয়াক মাটিৰ চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷ অন্যথা হাৰমতী আঞ্চলিক ছাত্ৰ সন্থাই জনহিতৰ স্বাৰ্থত বান্দৰদেৱাবাসীৰ সহযোগত জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰিছে ছাত্ৰ সংগঠনৰ নেতৃত্বই ৷
প্ৰেৰক মুকুল ভূঞা
You might also like