নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰৰ উলংগ ভিডিঅ’ কাণ্ডক লৈ কঠোৰ SC : চৰকাৰক সকীয়নি

বিশেষ বাৰ্তা, ২০ জুলাইঃ মণিপুৰত দুই মহিলাক উলংগ কৰি সমদল কৰোৱা নাৰী নির্যাতনৰ ভয়ংকৰ ভিডিঅ’ক লৈ ক্ষুন্ন উচ্চতম ন্যায়ালয়৷ মণিপুৰৰ ঘটনাক গৰিহণা জনাই উচ্চতম ন্যায়ালয়ে ভিডিঅ’টোক ‘গভীৰভাৱে বিচলিত’ আখ্যা দি ভিডিঅ’টোত উন্মত্ত জনতাৰ কার্যকলাপক সংবিধান বিফল বুলি মন্তব্য কৰে৷ সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে মণিপুৰৰ ভিডিঅ’টোৱে সংবিধানৰ ব্যর্থতাক উদঙাই দিয়া বুলি চৰকাৰক সকীয়নি দি শীঘ্রে ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ যদি চৰকাৰে ব্যৱস্থা গ্রহণ নকৰে তেতিয়াহ’লে সর্বোচ্চ ন্যায়ালয়ে ব্যৱস্থা গ্রহণ কৰিব৷ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে ভিডিঅ’টোৰ ঘটনাক লৈ ব্যৱস্থা গ্রহণ নকৰিলে অহা ২৮ জুলাইত সর্বোচ্চ ন্যায়ালয়ে গোচৰ লৈ ব্যৱস্থা গ্রহণৰ পদক্ষেপ ল’ব৷ মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰক শীঘ্রে ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ সেই অনুসৰি যদি ব্যৱস্থা গ্রহণ নকৰে তেতিয়াহ’লে উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ ব্যৱস্থা ল’ব৷

You might also like