নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰৰ নাৰী নিৰ্যাতনৰ ভিডিঅ’ত দুখ প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

বিশেষ বাৰ্তা, ২০ জুলাইঃ অশান্ত মণিপুৰত দুই মহিলাক উলংগ কৰি সমদল কৰা ভিডিঅ’ই কঁপাইছে দেশ। ঘটনাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ আজিৰে পৰা আৰম্ভ কৰা সংসদৰ বর্ষাকালীন অধিৱেশনৰ সময়তে সাংবাদিকক সম্বোধন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মণিপুৰত একাংশ উন্মত্ত লোকৰ দ্বাৰা দুই মহিলাক উলংগ কৰি নির্যাতন আৰু সমদল কৰা ভিডিঅ’টোক লৈ ক্ষোভ প্রকাশ কৰে৷ মণিপুৰৰ ঘটনাই সভ্য সমাজক লজ্জানত কৰা বুলি উল্লেখ কৰে মোদীয়ে। লগতে প্রধানমন্ত্রী মোদীয়ে এই ঘটনাৰ লগত জড়িত কোনো দোষীকে সাৰি যাবলৈ কিম্বা ৰেহাই দিয়া নহ’ব বুলি দেশবাসীক বার্তা প্রেৰণ কৰে৷ সংসদৰ বর্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে মণিপুৰৰ ভিডিঅ’টোক লৈ কয়– মই ক্ষোভিত আৰু ব্যথিত হৈছো৷ মণিপুৰৰ ঘটনাই সমাজক লজ্জানত কৰিলে৷ ঘটনাটোৱে ১৪০ কোটি ভাৰতীয়ক লজ্জিত কৰিছে৷ মই দেশবাসীক নিশ্চিতি দিছো যে কোনো দোষী সাৰি নাযায়৷ আইনে নিজৰ মতে ব্যৱস্থা গ্রহণ কৰিব৷ মণিপুৰৰ কন্যাৰ ক্ষেত্রত যি সংঘটিত হৈছে সেয়া কেতিয়াও পাহৰিব নোৱাৰি৷ কন্যাৰ বিৰুদ্ধে নির্যাতন কোনো কাৰণতে সহ্য কৰা নহ’ব৷ মণিপুৰৰ ঘটনাটোক লৈ ব্যথিত প্রধানমন্ত্রী মোদীয়ে আইন–শৃংখলা শক্তিশালী কৰিবলৈ বিশেষকৈ নাৰী সুৰক্ষাৰ বিষয়টো গুৰুত্ব দিবলৈ সকলো ৰাজ্যৰ মুখ্যমন্ত্রীক আহ্বান জনায়৷ প্রধানমন্ত্রীয়ে কয়– মই সকলো ৰাজ্যৰ মুখ্যমন্ত্রীক আইন–শৃংখলা শক্তিশালী কৰিবলৈ বিশেষকৈ মহিলাৰ সুৰক্ষাৰ কাৰণে কঠোৰ ব্যৱস্থা ল’বলৈ আহ্বান জনাইছো৷ এই ঘটনা লাগিলে ৰাজস্থান, ছট্টিশগড়, মণিপুৰ অথবা দেশৰ যিকোনো প্রান্ততে নহওক, ৰাজনীতিৰ ঊর্ধ্বত থাকিব লাগিব৷ উল্লেখ্য যে মণিপুৰৰ অজনজাতি মেইটেই সম্প্রদায়ক জনজাতিৰ মর্যাদা প্রদানৰ বিৰোধিতা কৰি ৩ মে’ত জনজাতীয় সংগঠন বিশেষকৈ কুকি সম্প্রদায়ে উলিওৱা জনজাতি সহমর্মিতা সমদলতেই হিংসাত্মক কার্যকলাপ আৰম্ভ হয় আৰু ই আজিলৈকে গোষ্ঠীগত সংঘর্ষলৈ পর্যবসিত হৈ ৰাজ্যখন অশান্ত হৈ আছে৷

You might also like