নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত ভগ্ন কাঠৰ দলঙৰ পৰা বাইকসহ সৰি পৰিল এজন

নিয়মীয়া বাৰ্তা, ২০ জুলাই : আজি সন্ধিয়া প্ৰায় পাঁচ বজাত নগৰবেৰাৰ বদলা-ৰাঙ্গাপানী বজাৰ সংযোগী কাঠৰ দলঙত ভয়ানক দুৰ্ঘটনা সংঘটিত হয়। দলংখনৰ অৱস্থাই নাই, কাঠবোৰ পচি, ভাঙি যোৱাৰ পাছত কোনোমতেহে ৰাইজে কৰি আহিছে মৰণপণ যাতায়াত। তাৰ মাজতেই নিজৰ আপাচী বাইকখন চলাই দলংখন পাৰ হৈ বজাৰলৈ গৈ থকা অৱস্থাত চকা পিছলি বাইক সহ দলঙৰ তলৰ পানীত পৰিল বাইক চালক ৰাঙ্গাপানী বদলা বজাৰ অঞ্চলৰ পাশান আলী নামৰ লোকজন। অৱশ্যে সাতুৰি পাৰ পাবলৈ সক্ষম হয় লোকজন। দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি মুহুৰ্ততে হুৱাদুৱা লাগে অঞ্চলজুৰি। স্থানীয় বহু লোক উপস্থিত হয় দলঙৰ ওপৰত আৰু অৱশেষত পানীৰ পৰা ৰচীৰে টানি টানি কোনোমতে ওপৰলৈ তোলা হয় বাইকখন। পানীত পৰি বাইকখনৰ যথেষ্ট ক্ষতি হয় যদিও পানীত পৰাৰ বাবেহে নিশ্চিত বিপদৰ পৰা কথমপি ৰক্ষা পৰিল বাইক চালক পাশান আলী। দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিয়পে। ৰাইজে মৰণফান্দসদৃশ কাঠৰ দলংখনৰ ঠাইত পকী দলঙৰ দিহা কৰিবলৈ সজোৰ দাবী জনাইছে চৰকাৰলৈ।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like