নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাঁওমুখী চৰকাৰ : ১৫ দিন গাঁওবাসীৰ মাজত কটাব ৰাজ্য চৰকাৰে

বিশেষ বাৰ্তা, ২১ জুলাইঃ চৰকাৰী আঁচনিসমূহৰ পৰিপূর্ণতা কিমান? ৰাজ্যৰ প্রতিজন দৰিদ্র লোকে তথা জনসাধাৰণে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিছেনে? বিভিন্ন সময়ত উত্থাপিত এনে প্রশ্ণক লৈ চলা বিতর্ক তথা সমালোচনাক উত্তৰ দিয়াৰ উদ্দেশ্যে ৰাজ্যৰ প্রতিখন গাঁওলৈ যাব অসম চৰকাৰ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্য চৰকাৰে গ্রহণ কৰা এক উদ্ভাৱনী আঁচনি ঘোষণা কৰি কয় যে অন্তিমজন লোকে যাতে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰে সেই লক্ষ্যৰে ১৫টা দিন গাঁওবাসীৰ ওচৰত কটাব চৰকাৰ৷ আজি জনতা ভৱনত আয়োজিত এক সংবাদ মেলত এই উদ্ভাৱনী আঁচনিৰ কথা জানিবলৈ দি মুখ্যমন্ত্রীৰ মন্তব্য– প্রতিজন গাঁওবাসীয়ে আঁচনিৰ পৰিপূর্ণতা লাভ কৰিছেনে নাই সেয়া গাঁৱত উপস্থিত থাকি গাঁওবাসীৰ মুখেৰেই জানিবলৈ চেষ্টা কৰিব ৰাজ্য চৰকাৰৰ মন্ত্রীয়ে৷ এই লক্ষ্যৰে অহা ছেপ্টেম্বৰ মাহৰ পৰা ১৫ দিনৰ বাবে গাঁৱত থাকিব ৰাজ্য চৰকাৰৰ প্রতিগৰাকী মন্ত্রীৰ লগতে মুখ্যমন্ত্রীগৰাকীয়েও৷ কোনো চৰকাৰী আৱাস অথবা, ছার্কিট হাউছ বা আন কোনো চৰকাৰী বাসগৃহত নাথাকি মন্ত্রীসকলে গাঁৱৰ ৰাইজে নিশা থাকিবলৈ দিয়া স্থানত থাকি গাঁওবাসীৰ মুখেৰেই প্রতিটো আঁচনি কিমান দূৰ ৰূপায়ণ হৈছে তাৰ তথ্য সংগ্রহ কৰিব৷ মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে ২০১৪ চনৰ পাছত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীৰ বাবে যিবোৰ আঁচনি গ্রহণ কৰিছে, সেইবোৰ ১০০ শতাংশ ৰূপায়ণ অথবা হিতাধিকাৰী উপকৃত হোৱাটো লক্ষ্য বান্ধি লৈছে৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰসমূহেও এই আঁচনিসমূহৰ পৰিপূর্ণতা ১০০ শতাংশ হোৱাটো কামনা কৰে৷ বিশেষকৈ ৪ লাখতকৈ কম উপার্জন লোকক একোখনকৈ ৰেচন কার্ড দিয়া, ৰেচন কার্ড লাভ কৰা প্রতিগৰাকী লোকৰ বিনামূলীয়া চিকিৎসা সেৱা, প্রতিগৰাকী কৃষকে কৃষক সন্মান নিধিৰ ধন লাভ কৰা, উজ্বলা গেছ লাভ কৰা, প্রধানমন্ত্রী আবাস যোজনা লাভ কৰা আদিকে কৰি এনেধৰণৰ ১৫টা আঁচনি ১০০ শতাংশ ৰূপায়ণৰ বাবে চৰকাৰে প্রচেষ্টা অব্যাহত ৰাখিছে৷ কার্যক্ষেত্রত এই আঁচনিসমূহ কিমান দূৰ ৰূপায়ণ হৈছে অথবা ইয়াৰ ফল গাঁওবাসীয়ে লাভ কৰিছেনে নাই সেই তথ্য সম্পূর্ণৰূপে লাভ কৰিব পৰা নাযায়৷ সেয়েহে গাঁওবাসীৰ ওচৰত থাকি প্রতিগৰাকী মন্ত্রী আৰু মুখ্যমন্ত্রীয়ে আঁচনিসমূহৰ ৰূপায়ণৰ পৰিপূর্ণতা পৰীক্ষা কৰিব৷ এই সময়ছোৱাত মুখ্যমন্ত্রী আৰু মন্ত্রীসকলে ১৫খনকৈ গাঁৱত নিশা কটাব আৰু আঁচনিসমূহৰ ফল গাঁওবাসীয়ে কি ধৰণে লাভ কৰিছে বা কোন কোন ইয়াৰ পৰা বঞ্চিত হৈছে তাৰ তথ্য সংগ্রহ কৰিব৷ একমাত্র মন্ত্রীসকলেই নহয়, অসম চৰকাৰৰ বাছনিযুক্ত পাঁচ হাজাৰ শীর্ষ বিষয়ায়েও এই পদক্ষেপত নামি পৰিব৷ মুখ্য সচিবৰ পৰা আৰম্ভ কৰি এচিএছ বিষয়া আনকি শিক্ষকেও তিনি দিনৰ বাবে গাঁওলৈ যাব লাগিব আৰু ৪–৫খন গাঁৱত নিশা কটাই চৰকাৰী আঁচনি ৰূপায়ণৰ বিভিন্ন দিশ পৰীক্ষা কৰিব৷ মুখ্যমন্ত্রীৰ ঘোষণা– অসমৰ ২৮ হাজাৰ ৰাজহ গাঁও ছেপ্টেম্বৰ মাহৰ পৰা চৰকাৰ উপস্থিত থাকি সকলো আঁচনিৰ পৰিপূর্ণতাৰ দিশ পৰীক্ষা কৰিব৷ তেওঁ কয় যে ই এক উদ্ভাৱনীমূলক আঁচনি আৰু দেশৰ ভিতৰতে ই এক নতুন চিন্তা৷ সেয়েহে ৰাজনীতিৰ ঊর্ধ্বত থাকি বিৰোধীয়েও এই পদক্ষেপত ভাগ ল’ব পাৰিব৷ মন্ত্রী আৰু শীর্ষ বিষয়াসকলৰ লগতে প্রতিগৰাকী বিধায়ক আৰু সাংসদেও নিশা গাঁৱত কটাই গাঁওবাসীৰ সমস্যাৰ বুজ ল’ব পাৰিব বুলিও মুখ্যমন্ত্রীয়ে আজি জানিবলৈ দিয়ে৷ এইক্ষেত্রত বিধায়ক আৰু সাংসদসকলে সাতদিনকৈ গাঁৱত থাকিব লাগিব৷ এই সময়ছোৱাত মন্ত্রী–বিধায়ক আৰু চৰকাৰী বিষয়াসকলে গাঁৱৰ প্রতিখন বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্রলৈ যাব আৰু সমস্যাৰ বুজ ল’ব৷

You might also like