নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম মল্লযুঁজ সন্থাক স্বীকৃতি ভাৰতীয় মল্লযুঁজ সন্থাৰ

বিশেষ বাৰ্তা, ২২ জুলাই : অসম মল্লযুঁজ সন্থাক আজি স্বীকৃতি প্ৰদান কৰে ভাৰতীয় মল্লযুঁজ সন্থাই। ১৯৮৯ চনতে প্ৰতিষ্ঠা হোৱা অসম মল্লযুঁজ সন্থাক ভাৰতীয় মল্লযুঁজ সন্থাই বিভিন্ন ক্ষেত্ৰত বঞ্চিত কৰি অহাত অসম মল্লযুঁজ সন্থাৰ নৱনিৰ্বাচিত সভাপতি ৰাতুল শৰ্মাই ২৫ জুনত এক আবেদন দাখিল কৰাত গুৱাহাটী উচ্চ ন্যায়ালয়ে ১১ জুলাইত হ’বলগীয়া ভাৰতীয় মল্লযুঁজ সন্থাৰ নিৰ্বাচনত স্থগিতাদেশ জাৰি কৰিছিল। অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াৰ দ্বাৰা তৰা গোচৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে ভাৰতীয় মল্লযুঁজ সন্থাৰ তদৰ্থ সমিতিয়ে আজি অসম মল্লযুঁজ সন্থাক স্বীকৃতি প্ৰদান কৰে। এই সন্দৰ্ভত ভাৰতীয় মল্লযুঁজ সন্থাৰ তদৰ্থ সমিতি হৈ ভূপেন্দৰ সিং বাঝৱাৰ স্বাক্ষৰ সম্বলিত এখন পত্ৰৰ জৰিয়তে অসম মল্লযুঁজ সন্থাৰ সভাপতি ৰাতুল শৰ্মাক ভাৰতীয় মল্লযুঁজ সন্থাৰ বেংক একাউণ্টযোগে পঞ্জীয়ন মাচুল তেইশ হাজাৰ টকা জমা কৰিবলৈ দিয়ে। প্ৰতিষ্ঠাকালৰে পৰা অসমক ভাৰতীয় মল্লযুঁজ সন্থাই বঞ্চিত কৰাৰ অন্তত অসম মল্লযুঁজ সন্থাক আজি স্বীকৃতি প্ৰদান কৰা কাৰ্য্যক আদৰণি জনায় সভাপতি ৰাতুল শৰ্মাই। অনাগত দিনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অসম মল্লযুঁজ সন্থাক আগুৱাই নিয়াৰ সংকল্প লোৱাৰ লগতে সন্থাৰ অভিভাৱক তথা মন্ত্ৰী পীয়ূষ হাজৰিকাৰ দিহা-পৰামৰ্শেৰে এক নতুন গতি প্ৰদান কৰিবলৈ বদ্ধপৰিকৰ বুলি মন্তব্য কৰি সভাপতিগৰাকীয়ে কয়- এই জয় অসম মল্লযুঁজ সন্থাৰ, এই জয় অসমৰ মল্লযোদ্ধাসকলৰ। এই সমগ্ৰ প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়োৱা অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়া, অসম মল্লযুঁজ সন্থাৰ মুখ্য উপদেষ্টা উজ্জ্বল বৰুৱা, উপ-সভাপতি অভিজিত নাথ, সম্পাদক গৌৰাংগ ৰায়কে ধৰি অসম মল্লযুঁজ সন্থাৰ প্ৰতিগৰাকী সদস্যকে ধন্যবাদ জনায় সভাপতি ৰাতুল শৰ্মাই।

You might also like