নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ পৰা তাৰালাংছ’ত কার্বি যুৱ মহোৎসৱ

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ কার্বি যুৱ মহোৎসৱে ইতিমধ্যে গৰকিছে ৪৬টা গৌৰৱোজ্জ্বল বর্ষ ৷ প্রতিবছৰে ১৫ৰ পৰা ১৯ ফেব্রুৱাৰীলৈ ডিফুৰ তাৰালাংছ’ৰ কার্বি পিপল্ছ হলত অনুষ্ঠিত হৈ আহিছে কার্বি যুৱ মহোৎসৱ ৷ আজি মহোৎসৱটিৰ প্রথম দিন ৷ কার্বি আংলঙৰ উপৰি অসমৰ বিভিন্ন প্রান্ত আৰু উত্তৰ–পূবৰ কেইবাখনো ৰাজ্যৰ লোক সাংস্কৃতিক দলৰ পাঁচ সহস্রাধিক শিল্পী আজি তাৰালাংছ’ৰ শিল্পী গাঁৱত আহি উপস্থিত হ’ব ৷ পূর্বৰ তুলনাত কার্বি পিপল্ছ হলৰ আন্তঃগাঁথনি আটকধুনীয়া কৰি তোলাৰ ফলত এইবাৰৰ মহোৎসৱটিয়ে এক অনন্য মাত্রা লাভ কৰাৰ আশা কৰা হৈছে ৷

১ কোটি ২০ লাখ টকা বাজেটৰ এইবাৰৰ মহোৎসৱ পূর্বৰ দৰেই সুচাৰুৰূপে আয়োজন কৰাৰ বাবে আয়োজক কার্বি কালচাৰেল ছ’চাইটী (কে চি এছ)ৰ লগতে পার্বত্য জিলাখনত বসবাস কৰা বিভিন্ন জাতি–জনগোষ্ঠীৰ লোকসকল নিজা নিজা কামত ব্যস্ত হৈ আছে ৷ এইবাৰ কে চি এছৰ ২৬টা মণ্ডলৰ উপৰি মেঘালয় আৰু কাছাৰৰ কার্বি লোক শিল্পীৰ দলে যুৱ মহোৎসৱত অংশগ্রহণ কৰিব ৷ মহোৎসৱৰ চাৰিখনকৈ মঞ্চত কার্বি লোক সংস্কৃতিৰ প্রতিযোগিতাৰ লগতে অন্যান্য জনগোষ্ঠীসমূহৰো নৃত্য–গীত প্রদর্শন কৰা হ’ব ৷

মহোৎসৱটিৰ এইবাৰ আকর্ষণৰ কেন্দ্রবিন্দু হিচাপে পৰিগণিত হৈছে বৃহৎ আকাৰত নির্মাণ কৰি তোলা কংক্রিটৰ ‘নথেংপী’ (কাণফুল) ৷ পাহাৰৰ টিলাত নির্মাণ কৰা ‘নথেংপী’ত আৰোহণ কৰি মহোৎসৱৰ নান্দনিক দৃশ্য উপভোগ কৰিব পাৰিব প্রতিজন দর্শকে ৷ মহোৎসৱথলীত হস্তশিল্পৰ উপৰি জনগোষ্ঠীয় সাজ–পোছাক, খাদ্য আদিৰো ব্যাপক হাৰত সমাহাৰ ঘটিব ৷ ইয়াৰ উপৰি চৰকাৰী বিভাগসমূহৰ বিভিন্ন আঁচনিৰ প্রদর্শনীৰো ব্যৱস্থা কৰা হৈছে ৷ পূর্বৰ দৰে এইবাৰো মহোৎসৱৰ অন্যতম আকর্ষণ হিচাপে থাকিব জনগোষ্ঠীয় গাঁওখন ৷ এই গাঁৱত প্রৱেশ কৰি প্রতিজন দর্শকে কার্বি আংলঙত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ জীৱন প্রণালী, সংস্কৃতি, সাজ–পোছাক আৰু খাদ্যাভ্যাসৰ সৈতে একাত্ম হোৱাৰ সুযোগ লাভ কৰিব ৷

এইবাৰ মহোৎসৱৰ লগত সংগতি ৰাখি প্রথমবাৰৰ বাবে হেলিকপ্টাৰ সেৱাৰ ব্যৱস্থা কৰা হৈছে ৷ মাচুল পৰিশোধ কৰি এই সেৱাৰ জৰিয়তে ইচ্ছুক দর্শকসকলে আকাশমার্গৰ পৰা মনোমোহা কার্বি পাহাৰৰ কেইবাটাও স্থানৰ সৌন্দর্য উপভোগ কৰিব পাৰিব ৷ কে চি এছৰ সভাপতি চন্দ্রছিং ক্র’ই মহোৎসৱৰ আয়োজনসম্পূর্ণ হৈ উঠা বুলি জানিব দিয়াৰ লগতে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে কার্বি সাংস্কৃতিক ৰাজধানী হিচাপে বিবেচিত হোৱা কার্বি পিপল্ছ হলৰ আন্তঃগাঁথনিৰ স্থায়ী ৰূপ দিয়াত যথেষ্ট পৰিমাণে সহায়ৰ হাত আগবঢোৱা বুলি জানিবলৈ দিয়ে ৷

You might also like